
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্বন্ধে বিতৰ্ক এতিয়াও অব্যাহত আছে । এতিয়াও প্ৰকাশ হোৱা নাই সঠিক এন আৰ চিৰ তালিকা । ইয়াৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই অযোগ্য ব্যক্তি সকলৰ নাম এন আৰ চিৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
১৩ অক্টোবৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ সমন্বয়ক হিতেশ দেব শৰ্মাই অধিকাৰী সকলক নিৰ্দেশ প্ৰদান কৰি এন আৰ চিৰ পৰা অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । মঙলবাৰে শৰ্মাই ৰাজ্যৰ জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়কলৈ প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰে ।
তেওঁ কয় যে ”ৱেবফৰ্মৰ মাধ্যমেৰে আপোনাৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি ঘোষিত বিদেশী , ডি ভোটাৰচ (Doubtful Voters), পি এ এফ টি এচ(PFTs) শ্ৰেণীৰ অযোগ্য লোক আৰু তেওঁলোকৰ পৰিয়ালৰ কিছু নাম এন আৰ চিত অন্তৰ্ভূৰ্ত হৈছে ।শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি এই লোক সকলৰ চিনাক্ত কৰি এন আৰ চিৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে ”।

উল্লেখ্য যে বিগত বৰ্ষৰ ৩১ আগষ্টত অন্তিম এন আৰ চি প্ৰকাশ পাইছিল আৰু এই তালিকাৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিছিল ।
এই এন আৰ চি প্ৰকাশৰ পিছত বিভিন্ন পক্ষৰ লগতে ৰাজনৈতিক দলে এইখন ক্ৰটিপূৰ্ণ বুলি মন্তব্য কৰিছিল । লগতে ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাও হৈছিল । এই তালিকাৰ পৰা যোগ্য ব্যক্তি সকলৰ নাম কৰ্তন হোৱাৰ বিপৰীতে অযোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল একাংশই ।
Photo credit : Indian express