অৱশেষত ৭ বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

0
193
অৱশেষত ৭ বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী
ফাইল ফটো

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা এক ডাঙৰ সকাহ লাভ কৰিছে। আদালতে ইন্দ্ৰাণী মুখাৰ্জী জামিন প্ৰদান কৰে।

বিশেষ চিবিআই আদালতৰ ন্যায়িক জিম্মাত থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে ২০১৫ চনৰ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ইন্দ্ৰাণী মুখাৰ্জী মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰত ৰখা হৈছিল।

২০১২ চনৰ এপ্ৰিলত সংঘটিত শ্বীনা বৰাৰ হত্যাৰ গোচৰত অভিযুক্ত ৪৯ বছৰীয়া ইন্দ্ৰাণী মুখাৰ্জীয়ে চিকিৎসাৰ ভিত্তিত কেইবাবাৰো জামিন পাবলৈ চেষ্টা কৰিছিল কিন্তু প্ৰতিবাৰেই চিবিআই আদালতৰ লগতে বোম্বে উচ্চ ন্যায়ালয়ে ইয়াক নাকচ কৰিছিল।

অভিযোগ অনুসৰি ইন্দ্ৰাণী মুখাৰ্জীযে নিজ কন্যা শ্বীনা বৰাক ডিঙি চেপি হত্যা কৰিছিল আৰু মৃতদেহটো ৰায়গড় জিলাৰ এখন জংঘলত লুকুৱাই ৰাখিছিল।

আৰু পঢ়ক :- কংগ্ৰেছত মোক্ষম আঘাত; এইবাৰ হাৰ্দিক পেটেলে এৰিলে দল