ইণ্ডোনেছিয়াত ভয়ংকৰ পৰিস্থিতি, চাৰিওফালে ৰঙা বানপানী…জানক ইয়াৰ কাৰণ

0
204
ইণ্ডোনেছিয়াত ভয়ংকৰ পৰিস্থিতি, চাৰিওফালে ৰঙা বানপানী…জানক ইয়াৰ কাৰণ

ইণ্ডোনেছিয়াত ভয়ংকৰ পৰিস্থিতি, চাৰিওফালে ৰঙা বানপানী…জানক ইয়াৰ কাৰণ

ইণ্ডোনেছিয়াত প্ৰতিবছৰে এই সময়ছোৱাত বানপানীয়ে দেখা দিয়ে। পিছে সেই সাধাৰণ বানপানীয়ে সৃষ্টি কৰিছে এক অদ্ভুত পৰিস্থিতিৰ। চাৰিওফালে দেখা দিছে বানপানীয়ে। কিন্তু এইবাৰৰ বানপানী কেৱল ৰঙা আৰু ৰঙা।

যেন তেজৰ হে বানপানী হৈছে চাৰিওফালে। যাৰ ফলত বানপানীৰ আৰম্ভণিৰ দিনা এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল চাৰিওফালে। স্থানীয় লোকে ভয়তে সেই পানীত খোজ পেলাবলৈয়ো ভয় খাইছিল।

কিন্তু গোমৰ ফাঁক খোল খোৱাতহে স্বস্তিৰ নিশ্বাস পেলাই সকলোৱে। কিয়নো সেই ৰঙা বানপানীৰ পিছৰ কাহিনীৰ পিছত আছিল এটা কাৰখানা। বানপানীৰ দিনা বাঢ়নী পানী সোমাই যায় সেই অঞ্চলতে থকা এটা কাপোৰৰ কাৰখানালৈ।

তাতেই কাপোৰত ৰং দিবলৈ থোৱা ৰঙা ৰঙৰ সৈতে এক হৈ যায় বানপানী আৰু সমগ্ৰ অঞ্চলৰেই বানপানীত ৰং মিহলি হৈ ৰঙা হৈ পৰে।

আৰু পঢ়ক : ছাত্ৰ নহয় ছাত্ৰীৰহে ভাগ্য! চৰকাৰে আকৌ দিব স্কুটী…