ধৰ্ষণৰ কঠোৰ শাস্তি! ৰাস্তাৰ মাজতে ১৪৬বাৰ চাবুকৰ কোব; যন্ত্ৰণাত চটফটাই থাকিল ধৰ্ষণকাৰী

0
60516

বিশ্বত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণকাৰীৰ সংখ্যা। কিন্তু এনে অপৰাধ কৰিও কিছু সংখ্যকে ন্যায় পায আন বহুতে ন্যায়ৰ মুখ নেদেখে। অপৰাধীয়ে উচিত শাস্তি লাভ কৰক এনে আশা আৰু দাবী সকলোৱে কৰে।

আমাৰ দেশৰ সংবিধান বিৰোধী হ’লেও এখন দেশত ধৰ্ষণকাৰীক প্ৰদান কৰা হৈছে কঠোৰ শাস্তি। ধৰ্ষণকাৰীক ৰাস্তাৰ মাজতে থিয় কৰায় প্ৰদান কৰা হৈছে কঠোৰ শাস্তি। এই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিছে ইন্দোনেছিয়াৰ প্ৰশাসনে। ১৪৬ বাৰ চাবুকেৰে কোবাই কোবাই ৰক্তাক্ত কৰা হ’ল ধৰ্ষণকাৰীক।

ইন্দোনেছিয়াৰ এই ধৰ্ষণকাৰীৰ বয়স মাত্ৰ ১৯বছৰ। এগৰাকী নাবালিকাক ধৰ্ষণত অভিযুক্ত আছিল কিশোৰজন। চাবুকেৰে মাৰি মাৰি মাটিত পেলাই দিয়া হল। আন দেশত অপৰাধ হলেও ইন্দোনেছিয়াত এই কাৰ্য তেনেই সাধাৰণ। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে, আন কোনোয়ে যাতে আন কোনোৱে এই কাৰ্য কৰিবলৈ হাজাৰ বাৰ ভাবিব লাগে তাৰ বাবেই এই কঠোৰ শাস্তি প্ৰদান কৰা হয়।

Photo Credit: FR24 English News