26 C
Guwahati
Saturday, September 18, 2021
More

    ৭ কোটিৰো অধিক ফলোৱাৰেৰে টুইটাৰত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতা নৰেন্দ্ৰ মোদী

    ৭ কোটিৰো অধিক ফলোৱাৰেৰে টুইটাৰত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতা নৰেন্দ্ৰ মোদী

    টুইটাৰত অভূতপুৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

    শেহতীয়াভাৱে জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফলোৱাৰৰ সংখ্যা সাত কোটি অতিক্ৰম কৰিছে।

    মাত্ৰ এটা বছৰৰ ভিতৰতে প্ৰধান মন্ত্ৰীৰ টুইটাৰত ফলোৱাৰৰ সংখ্যা বৃদ্ধি পাইছে এক কোটিৰো অধিক ।

    টুইটাৰত সাত কোটিৰো অধিক ফলোৱাৰ থকাৰ পাছত এতিয়া ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকী বিশ্বৰ ভিতৰত টুইটাৰত সৰ্বাধিক ফলোৱাৰ থকা ৰাষ্ট্ৰপ্ৰধান হিচাপে পৰিগণিত হৈছে।

    ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাপ আছিল টুইটাৰত সৰ্বাধিক ফলোৱাৰ থকা ৰাষ্ট্ৰপ্ৰধান।

    টুইটাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ আগলৈ ট্ৰাম্পৰ সামাজিক মাধ্যমটোত ৮.৮ কোটি ফলোৱাৰ আছিল।

    উল্লেখযোগ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা নৰেন্দ্ৰ মোদীয়ে টুইটাৰ, ফেইচবুককে ধৰি সামাজিক মাধ্যম সমূহত অধিক সক্ৰিয় হৈ পৰিছিল। এই ক্ষেত্ৰত ৰাজনৈতিক নীতি ৰণকৌশল প্ৰস্তুত কৰ্তা প্ৰশান্ত কিশোৰৰ অৱদানো যথেষ্ট।

    আনহাতে, যিটো সময়ত প্ৰধান মন্ত্ৰী মোদীৰ সামাজিক মাধ্যমত জনপ্ৰিয়তা হ্ৰাস হোৱা বুলি বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে সেই সময়ত টুইটাৰত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতা হিচাপে পৰিগণিত হৈছে নৰেন্দ্ৰ মোদী।

    আৰু পঢ়ক : বিস্ফোৰক অভিযোগ, ‘শিল্পাৰ সৈতে সুখি নাছিল ৰাজ, প্ৰায়ে জোৰ কৈ …”- শ্বাৰ্লিন চোপ্ৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং