26 C
Guwahati
Thursday, September 16, 2021
More

    দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ৰেডিঅ’ ঘোষিকা অনন্যা পেটেলৰ আত্মহত্যা, কোঠাৰ ভিতৰত ফাঁচী লগা অৱস্থাত উদ্ধাৰ মৃতদেহ

    দেশৰ প্ৰথমগৰাকী দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ৰেডিঅ ঘোষিকা অনন্যা পেটেলৰ আত্মহত্যা। নিজৰ কোঠাৰ ভিতৰতে ফাঁচী লগা অৱস্থাত উদ্ধাৰ মৃতদেহ। অনন্যা কেৱল ৰেডিঅ ঘোষিকাই নাছিল, চলিত বৰ্ষত কেৰালাৰ বিধানসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল।

    ২০২০ চনত লিংগ পৰিচৱৰ্তনৰ অপাৰেচন কৰোৱাইছিল অনন্যাই। পিছে অপাৰেছনৰ পিছৰে পৰা বহু শাৰীৰিক সমস্যাত ভুগিছিল। অধিক সময় থয় থকাতো অসুবিধা পাইছিল অনন্যাই। যাৰ বাবেই কষ্ট ভুগি অৱশেষত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত।

    অৱশ্যে এই সন্দৰ্ভত খোলোচা হোৱা নাই যে, অনন্য়াৰ আত্মহত্যাৰ কাৰণ শাৰীৰিক অসুবিধা। আৰক্ষীয়ে অনন্যাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ। অনন্যাৰ সম্পূৰ্ণ নাম অনন্যা কুমাৰী এলেক্স ।

    আৰু পঢ়ক : হৃদয়বিদাৰক, বিচৰা মতে যৌতক নোপোৱাৰ ক্ষোভত স্বামী গৃহই জ্বলাই দিব ওলাইছিল বোৱাৰী, কথমপি প্ৰাণ ৰক্ষা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং