
ইতিহাস গঢ়ি যুঁজাৰু পাইলট হিচাপে নিৰ্বাচিত ভাৰতৰ প্ৰথম মুছলমান মহিলা ছানিয়া মিৰ্জা…
সপোন দেখিলেই নহব তাক বাস্তৱায়িত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। মিৰ্জাপুৰৰ এগৰাকী মুছলমান যুৱতীয়ে দেখুৱালে সপোন কিদৰে পুৰ কৰিব পাৰি।
এগৰাকী টিভি মেকানিকৰ কন্যা, তাতে আকৌ মিৰ্জাপুৰৰ মুছলমান সমাজৰ কন্যা। বাধা প্ৰতি পলে পলে। কিন্তু সকলো বাধা পাৰ কৰি দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হবলৈ গৈ আছে ছানিা মিৰ্জা।
এন ডি এ পৰীক্ষাত ১৪৯ তম স্থান লাভ কৰি এই সফলতা লাভৰ দিশত আগবাঢ়িছে ছানিয়াই। চলিত বৰ্ষৰ ১০ এপ্ৰিলত এনডিএ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
সেই পৰীক্ষা ক্লিয়াৰিং কৰাৰ পিছত তাইৰ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কৰিবলৈ একাডেমীত যোগদান কৰিছিল। প্ৰতিবেদন অনুসৰি, ছানিয়াই ২৭ ডিচেম্বৰ, ২০২২ তাৰিখে পুনেৰ এন ডি এ খড়কৱাছলাত যোগদান কৰিব।
উল্লেখ্য যে, দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হোৱাৰ লগতে ছানিয়া হৈছে দেশৰ দ্বিতীয় গৰাকী ছোৱালী যাক যুঁজাৰু পাইলট হিচাপে নিৰ্বাচিত কৰা হৈছে।
ছানিয়াৰ এই সফলতাৰ মূলতে আছিল দেশৰ প্ৰথম মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদী । অৱনীৰ দৰে হোৱাৰ সপোন দেখা ছানিয়াই সদায়ে অনুপ্ৰেৰণাৰ পাই আহিছিল অৱনীৰ পৰা।
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ২০২২ পৰীক্ষাত, পুৰুষ আৰু মহিলাসহ মুঠ ৪০০ খন আসন থাকে, য’ত মহিলাসকলৰ বাবে ১৯ খন আসন থাকে। ইয়াৰে ভিতৰত দুখন আসন যুঁজাৰু পাইলটৰ বাবে সংৰক্ষিত আছিল, এই দুই আসনৰে এখন ছানিয়া মিৰ্জাই অৰ্জন কৰিছে।