31 C
Guwahati
Tuesday, September 27, 2022
More

    কমনৱেল্থত সোণৰ পদকৰ দিশে অসম কন্যা নয়নমণি শইকীয়া

    কমনৱেল্থত সোণৰ পদকৰ দিশে অসম কন্যা নয়নমণি শইকীয়া

    কমনৱেল্থ গেমছৰ পৰা আজি অসমলৈ বুলি আহিল সুখবৰ। বহু প্ৰত্যাশিত শিৱ থাপা, পপী হাজৰিকা বিফল হোৱাৰ পাছত আজি নয়নমণি শইকীয়াৰ ফালৰ পৰা আহে সুখবৰ।

    এতিয়া সোণ অথবা ৰূপ নিশ্চিত অসম কন্যাগৰাকীৰ। আজি সোমবাৰে অনুষ্ঠিত হোৱা লন বলৰ চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

    যাৰ ফলত এতিয়া সোণ অথবা ৰূপ নিশ্চিত হৈছে ভাৰতীয় লন বলৰ মহিলা দলটোৰ। এই চাৰিজনীয়া দলটোতেই আছে অসমৰ নয়নমণি শইকীয়া।

    আজিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা পূৰ্ণ খেল খনত ১৬-১৩ ব্যৱধানত জয়ী হয় ভাৰত। কাইলৈ মঙলবাৰে লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।

    গোলাঘাটত সৰু পথাৰৰ নয়নমণি শইকীয়াৰ উপৰিও এই চাৰিজনীয়া দলটোৰ আন সদস্য কেইগৰাকী ক্ৰমে লাভলী চৌবে (যিয়ে দলটো নেতৃত্ব দিছে), পিংকি সিং আৰু ৰূপা ৰাণী তিৰ্কী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং