28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পেলেষ্টাইনৰ আক্ৰমণত ভাৰতীয় মহিলাৰ মৃত্যু, পৰিয়ালৰ সৈতে ফোনত কথা পাতি থাকোতেই আক্ৰমণ…

    গাজাৰ পৰা পেলেষ্টানীৰ ৰকেট আক্ৰমণত ইজৰাইলত এগৰাকী ৩০ বছৰীয়া ভাৰতীয় মহিলাৰ মৃত্যু হয়।‌‌কেৰালাৰ ইডুক্কী জিলাৰ বাসিন্দা সোম্যা সন্তোষে ইজৰাইলৰ অছকেলান টটীয় চহৰত এগৰাকী বৃদ্ধাৰ চোৱা চিতা কামত নিয়োজিত হৈ আছিল।

    গাজাৰ চৰমপন্থীসকলে সোমবাৰে সন্ধিয়া ইজৰাইলক শ শ ৰকেট নিক্ষেপ কৰে আৰু মঙলবাৰলৈ এই হিংসাত প্ৰায় ৩০ জনকৈ লোকৰ মৃত্যু হয়।

    ইজৰাইলেও গাজা পট্টীৰ হমাছ আৰু ইছলামি জিহাদক লক্ষ্য কৰি বায়ুপথেৰে আক্ৰমণ কৰে। জানিব পৰা মতে ইজৰাইলত মৃত্যু হোৱা মহিলা‌ গৰাকী বিগত ৭ বছৰ ধৰি ইজৰাইলত আছে।

    সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰ তেওঁলোকৰ ঘৰত প্ৰত্যক্ষ ভাৱে ৰকেট পৰিছিল তাৰ ফলত মহিলা গৰাকী আঘাতপ্ৰাপ্ত হয়। তাৰপিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু মৃত্যু হয়।

    কেৰালাত থকা সোম্যাৰ পৰিয়াল বৰ্গই জনোৱা অনুসৰি সেই সময়ত তেওঁ স্বামীৰ লগত ভিডিঅ কল কৰি আছিল। সেই সময়তে ফোনত এক ডাঙৰ শব্দ শুনা পায় আৰু ফোন কাটি যায়। তাৰপিছত মহিলা গৰাকীৰ পৰিয়ালে তাত থকা আন বন্ধু বৰ্গৰ পৰা এই আক্ৰমণৰ কথা গ’ম পায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং