19 C
Guwahati
Wednesday, December 1, 2021
More

    ১৫ বছৰৰ পিছত পাকিস্তানৰ ভূমিত ক্ৰিকেট খেলিব ভাৰতে

    ১৫ বছৰৰ পিছত পাকিস্তানলৈ গৈ ক্ৰিকেট খেলিব ভাৰতীয় ক্ৰিকেট দলে। এছিয়ান ক্ৰিকেট কাউন্সিলে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানত আয়োজন কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতে এই কথা প্ৰায় নিশ্চিত হয়।

    উল্লেখ্য যে ভাৰতীয় দলে ২০০৮ চনৰ পৰা পাকিস্তানত কোনো ধৰণৰ ক্ৰিকেট খেলা নাই। ভাৰতে পাকিস্তানৰ লগত দ্বিপাক্ষিক শৃংখলাও বৰ্জন কৰি থৈছে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবেই ভাৰতে এই সিদ্ধান্ত লৈছিল।

    এতিয়া এচিচিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে শ্ৰীলংকাই ২০২২ চনত এছিয়া কাপ আয়োজন কৰিব আৰু ২০২৩ চনত পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হ’ব।

    এছিয়া কাপ টি-২০ ফৰ্মেটত খেলা হ’ব।

    বি চি চি আইৰ সচিব জয় শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এচিচিৰ বৈঠকত পিচিবি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)ৰ অধ্যক্ষ ৰমিজ ৰাজাও উপস্থিত আছিল।

    এই কথা পোহৰলৈ অহাৰ পিছতে একাংশ ক্ৰিকেট অনুৰাগী যথেষ্ট সুখ প্ৰকাশ কৰাৰ লগতে আন একাংশই অসন্তুষ্টি প্ৰকাশ কৰিছে।

    দিল্লীৰ এটা ক্ৰিকেট ক্লাবৰ হৈ খেলা সুমিত ছাবৰাই কয় যে এইটো এটা অতি ভাল সিদ্ধান্ত। ভাৰতীয় দলটোৱে এতিয়া বহু দিনৰ পিছত পাকিস্তানত খেলিব । এইটো অতি ৰোমাঞ্চকৰ হ’ব।

    ইফালে ছ’চিয়েল মিডিয়াত এজন ক্ৰিকেট অনুৰাগীয়ে কয় যে সিদ্ধান্তটো বুজি পোৱা নাই। পাকিস্তানত এছিয়া কাপ আয়োজনৰ ক্ষেত্ৰত বহুত বিপদ আছে। সন্ত্ৰাসবাদৰ বাবে পাকিস্তানৰ সৈতে ক্ৰীড়া সম্পৰ্ক সীমিত কৰিছিল, কিন্তু এতিয়াও পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই।

    বহুতেই এয়া উচিত সিদ্ধান্ত নহয় বুলি উল্লেখ কৰিছে যদিও পৰৱৰ্তী সময়ত ভাৰত চৰকাৰ তথা সুৰক্ষা বিশেষজ্ঞসকলে কি মতামত প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ’ব।

    আৰু পঢ়ক : গোবিনৰ অন্তিম সৎকাৰ কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি‌ ধৰিলে মুছলমান সম্প্ৰদায় আৰু মিছিং যুৱকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং