দীপাৱলীৰ কাৰণে ভাৰতীয় ৰে’লৱেই চলাব ৩২ খন বিশেষ ৰে’ল

0
270

দীপাৱলীৰ কাৰণে ভাৰতীয় ৰে’লৱে চলাব ৩২ খন বিশেষ ৰে’ল

ৰে’ল যাত্ৰী সকলৰ বাবে সুখবৰ, দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণলৈ এক বিশেষ উপহাৰ প্ৰদান কৰিছে ৰে’ল বিভাগে।

ৰে’লৱে কৰ্তৃপক্ষৰ লোকে এক বিবৃতিত জনাই যে দৰভংগা, আজমগড়, সহৰছা, ভগলপুৰ, মুজাফ্ফৰপুৰ, ফিৰোজপুৰ, পাটনা, কাতিহাৰ, অমৃতসৰ আদি স্থানসমূহ সংযোগ কৰা প্ৰধান ৰে’ল সংযোগসমূহত বিশেষ ৰে’লযোগে সংযোগ কৰা হ’ব।

উল্লেখযোগ্য যে দীপাৱলীৰ দৰে বন্ধৰ দিনত অতিৰিক্ত যাত্ৰীৰ হুলস্থুলৰ পৰা উপশম পোৱাৰ লক্ষ্যৰে লোৱা হৈছে এই সিদ্ধান্ত।

যাত্ৰীসকলৰ যাতায়ত সুচাৰুৰূপে কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই অতিৰিক্ত ৩২খন বিশেষ ৰে’ল চলোৱাৰ অধিসূচনা জাৰি কৰিছে।

ইয়াৰ লগত সংগতি ৰাখি শেহতীয়াকৈ ৰে’লৱেই ঘোষণা কৰিছে যে নতুন দিল্লী-পাটনাৰ মাজত সংৰক্ষিত উৎসৱ বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰে’লখন শীঘ্ৰেই আৰম্ভ হ’ব।