
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও বৃহত ঘোষণা কৰিছে।
চৰকাৰৰ বাজেটত এইবাৰ ভাৰতীয় ৰে’লৱেক পূৰ্বতকৈ ৯ গুণ অধিক পুঁজি আৱণ্টন দিয়াৰ সিদ্ধান্ত লৈছে। যাত্ৰীসকলে যাতে সকলো ধৰণৰ সা-সুবিধা লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ৰে’লৱেৰ বাবে ২.৪০ লাখ কোটি টকা আবণ্টন দিছে।
উল্লেখ্য যে, ৰে’লৱেৰ বাবে আবণ্টিত এই ধনৰাশিৰ অধীনত বিভিন্ন ধৰণৰ আঁচনিৰ কাম কৰা হ’ব। ২০১৩-১৪ বৰ্ষৰ তুলনাত ৰে’লৱেৰ এই বাজেট প্ৰায় ৯ গুণ বেছি।
ৰে’লৱেৰ বাবে ১০০খন নতুন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নতুন আঁচনিৰ বাবে ৭৫ কোটি টকাৰ পুঁজিও দিয়া হৈছে। যাত্ৰীসকলৰ যাত্ৰা সহজ কৰি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।