
ক’ভিড সংক্ৰমণৰ সময়ত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ভাৰতীয় ৰে’লৱে।
কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব দানভে ক’ভিড সংক্ৰমণৰ সময়ত ভাৰতীয় ৰে’লৱে এতিয়ালৈ মুঠ ৩৬,০০০ কোটি টকাৰ লোকচানৰ সন্মুখিন হ’বলগীয়া হৈছে বুলি উল্লেখ কৰে।
“যাত্ৰীবাহী ৰে’ল সদায় লোকচানতে চলি আহিছে, যিহেতু টিকটৰ ভাড়া বৃদ্ধিয়ে যাত্ৰীসকলক প্ৰভাৱিত কৰে আমি সেয়া নকৰো,” ৰে’ল বিভাগৰ মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।
মুম্বাই-নাগপুৰ এক্সপ্ৰেছৱেৰ সমান্তৰালভাৱে বুলেট ট্ৰেইন প্ৰকল্পৰ কামো আগবঢ়াই নিয়া হ’ব বুলিও দানভে কয়।
উল্লেখযোগ্য যে, ক’ভিডৰ সংক্ৰমণৰ সময়ত বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোক সকলক নিজ গৃহলৈ ওভোটাই অনাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱে বিশেষ ভূমিকা পালন কৰিছিল।
ক’ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সময়তো ভাৰতীয় ৰে’লৱে অক্সিজেন এক্সপ্ৰেছ চলোৱাৰ দৰে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আৰু পঢ়ক : ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতাক অপমান কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল এপিচিচিৰ