
ৰে’লত যাত্ৰাৰ লগতে যদি ৰে’ল বিভাগে আমোদ দিয়াৰ ব্যৱস্থা কৰে তেন্তে ইয়াতকৈ আৰু সুখৰ কথা হ’ব পাৰেনে? হয়, তেনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেই। ষ্টেচনত ৰে’ল পলমকৈ আহি পোৱাটো কোনো নতুন কথা নহয়, আৰু ৰে’লৰ বাবে ষ্টেচনত ৰৈ আমনি হোৱা দেখা যায় বহু যাত্ৰীক।
পিছে এতিয়া আৰু চিন্তাৰ কাৰণ নাই কিয়নো ভাৰতীয় ৰে’লৱেই লৈছে বিশেষ পদক্ষেপ। ষ্টেচনত যাত্ৰী অথবা শিশুৰ বাবে হ’ব গেমিং জ’ন। আৰু এই কথা টুইটাৰৰ জৰিয়তে জনাইছে ভাৰতীয় ৰে’লৱেই।
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম ৰে’ল ষ্টেচনত ইতিমধ্যে আৰম্ভ হৈছে গেমিং জ’ন। দেশৰ প্ৰথমটো গেমিং জ’ন হৈছে বিশাখাপট্টনম ৰে’ল ষ্টেচনত। এই গেমিং জ’নত শিশুৰ লগতে ব্যৱহাৰ কৰিব পাৰিব আন যাত্ৰীয়েও।
Photo Credit : factly.in