‘ভাৰতে নিজৰ সিদ্ধান্ত নিজেই ল’ব, কিন্তু…’ : মোদী-বিডেনৰ আলোচনাৰ পিছত আমেৰিকা

0
192
'ভাৰতে নিজৰ সিদ্ধান্ত নিজেই ল'ব, কিন্তু...' : মোদী-বিডেনৰ আলোচনাৰ পিছত আমেৰিকা

সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্ৰেইন যুদ্ধ প্ৰসংগত পুনৰ এবাৰ আলোচনা কৰা দেখা যায়। দুয়োগৰাকী নেতাৰ মাজত ভাৰ্চুৱেলী হোৱা আলোচনাৰ পিছত আমেৰিকাই কয় যে এই সংকট সন্দৰ্ভত ‘ভাৰতে নিজেই নিজৰ সিদ্ধান্ত ল’ব’।

এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত মুখামুখি আলোচনাৰ পৰামৰ্শ প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ইউক্ৰেইনৰ বুচা চহৰত হোৱা নৰসংহাৰৰ ঘটনাক গৰিহনা জনোৱাৰ লগতে নিৰ্দোষী লোকৰ হত্যাৰ খবৰ বহুত চিন্তাজনক বুলিও মন্তব্য কৰে।

ভাৰতক এটা পক্ষ লোৱাৰ বাবে ৰাষ্ট্ৰপতি বিডেনে হেচা প্ৰয়োগ কৰিছে নেকি বুলি কৰা প্ৰশ্নত হোৱাইট হাউছে কয়, ‘ভাৰতে নিজৰ সিদ্ধান্ত নিজে ল’ব। কিন্তু আলোচনা চলি থাকিব’।

আন দেশৰ লগতে ভাৰতেও ইউক্ৰেইনলৈ মানৱীয় সাহায্য প্ৰদান কৰি আছে বাবেই এই সন্দৰ্ভত আমেৰিকাই ভাৰতৰ সৈতে আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰাখিব বু্লি কয়।

আৰু পঢ়ক : মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ জনসভাৰ ওচৰত বোমা নিক্ষেপ