
বিশ্ব ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় লীগ আই পি এল। এই লীগত খেলিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আহে আৰু ইয়াত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে তেওঁলোকে ৰাষ্ট্ৰীয় দলতো স্থান দখল কৰিবলৈ সক্ষম হয়।
বিদেশী খেলুৱৈৰ সমাহাৰ ঘটিলেও আই পি এলত সদায় ভাৰতীয় খেলুৱৈয়ে আধিপত্য কৰি আছে।
এইবাৰ ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল। ইয়াৰ পূৰ্বে জানো আহক আই পি এলৰ ইতিহাসত কোনজন ভাৰতীয় খেলুৱৈয়ে সৰ্বাধিক বাৰ ‘মেন অৱ দ্য মেচ’ বঁটা লাভ কৰিছে-
আই পি এলৰ আটাইতকৈ সফল অধিনায়ক ৰোহিত শৰ্মাই সৰ্বাধিক ‘মেন অৱ দ্য মেচ’ বঁটা লাভ কৰা ভাৰতীয় তালিকাত আগশাৰীৰ স্থানত আছে। ৰোহিত শৰ্মাই ১৮ বাৰ এই বঁটা লাভ কৰিছে।
এই তালিকাত দ্বিতীয় স্থানত আছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী। তেওঁৰ অধিনায়কত্বত ৪ বাৰকৈ আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে চেন্নাই ছুপাৰ কিংছে। ধোনীয়ে ১৭ বাৰ ‘মেন অৱ দ্য মেচ’ বঁটা লাভ কৰিছে।
তৃতীয় সৰ্বাধিক ‘মেন অৱ দ্য মেচ’ বঁটা লাভ কৰাৰ অভিলেখ আছে ইউছুফ পাঠানৰ নামত। তেওঁ ১৬ বাৰ এই বঁটা লাভ কৰিছে।
চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা সুৰেশ ৰাইনা এই তালিকাৰ চতুৰ্থ স্থানত আছে। অৱশ্যে এতিয়া আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে সুৰেশ ৰাইনাই। অৱশ্যে, ২০২২ চনৰ আই পি এলত তেওঁ খেলাৰ সুযোগ পোৱা নাছিল।
এই তালিকাত পঞ্চম স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলী। কোহলীৰ নামত আছে ১৪টা ‘মেন অৱ দ্য মেচ’ বঁটা। অৱশ্যে ২০২৩ চনৰ আই পি এলত কোহলীৰ এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।