33 C
Guwahati
Thursday, August 4, 2022
More

    চিকিৎসকে মৃত ঘোষণা কৰা কাৰ্গিল যুদ্ধৰ এগৰাকী যোদ্ধা, কিন্তু সকলোকে আচৰিত কৰি মৃত্যুকো পৰাজিত কৰি ঘুৰি অহা সেই গৰাকীক দেখা যাব বিগ বিৰ সৈতে

    চিকিৎসকে মৃত ঘোষণা কৰা কাৰ্গিল যুদ্ধৰ এগৰাকী যোদ্ধা, কিন্তু সকলোকে আচৰিত কৰি মৃত্যুকো পৰাজিত কৰি ঘুৰি অহা সেই গৰাকীক দেখা যাব বিগ বিৰ সৈতে

    শত্ৰুৰ সৈতে যুঁজ দি দি দেশৰ মাটিত শত্ৰুক প্ৰৱেশ কৰোৱাত বাধা দিয়াৰ লগতে সীমান্তত উৰুৱাইছিল ভাৰতৰ জাতীয় পতাকা। বহু সৈন্যই সেই যুদ্ধত দেশ মাতৃক ৰক্ষা কৰাৰ নামত যুঁজ দি দি নিজৰ প্ৰাণ ত্যাগ কৰিছিল।

    তাৰ বিপৰীতে অন্য বহু যোদ্ধা আহত হৈছিল শত্ৰুৰ আক্ৰমণত। প্ৰায় দুমাহ ধৰি চলা ১৯৯৯ চনৰ কাৰ্গিলৰ সেই যুদ্ধৰ সামৰণি পৰিছিল ২৬ জুলাই তাৰিখে। শত্ৰু দেশ পাকিস্তানে ২৬ জুলাই তাৰিখে ভাৰতীয় সেনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিছিল।

    সেই যুদ্ধতেই দেশে হেৰুৱাইছিল বহু কেইগৰাকী বীৰ যোদ্ধাক, আনহাতে আজিও সেই ক’লা অধ্যায় মনত কৰে প্ৰাণ ৰক্ষা পৰা বহু বীৰ যোদ্ধাই। তাৰেই মাজৰ এগৰাকী হৈছে মেজৰ ডিপি সিং। যাক এইবাৰ দেখা যাব টেলিভিছনৰ পৰ্দাত।

    বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ সৈতে ‘কোন বনেগা কড়োৰপতি’ অনুষ্ঠানত দেখা যাব মেজৰ ডিপি সিঙক। স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হব লগা সেই অনুষ্ঠানতেই মেজৰ গৰাকীয়ে ব্যক্ত কৰিব নিজৰ সৈতে হোৱা ঘটনাৰ বিষয়ে।

    কাৰ্গিলৰ সেই যুদ্ধত হেনো গুৰুতৰভাৱে আহত হৈছিল মেজৰ সিং। প্ৰাণ ৰক্ষাৰ বাবে এখন ভৰিও কাটিব লগা হৈছিল সেই সময়ত। অসহ্য় বিষ সহিও দেশ ৰক্ষাৰ মনোভাৱ এৰি দিয়া নাছিল মেজৰগৰাকীয়ে। চিকিৎসকেও আনকি মৃত ঘোষণা কৰি দিছিল মেজৰ সিং সন্দৰ্ভত।

    কিন্তু সকলোকে আচৰিত কৰি তিনিদিনৰ পাছতৃ সংজ্ঞা ঘুৰি আহিছিল মেজৰৰ। যি দেখি আচৰিত হৈ পৰিছিল সকলো। সেই মেজৰ গৰাকীয়েই পাছলৈ এখন ভৰিৰেই মাৰাথানতো অংশ লৈ মনৰ শক্তিৰ প্ৰমাণ দিছিল।

    এইবাৰ তেখেতৰ দেখা যাব কেবিচিৰ মঞ্চত। অহা ৭ আগষ্ট তাৰিখে সম্প্ৰচাৰিত হব এই বিশেষ অনুষ্ঠান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং