উত্তৰ পূৱৰ যুৱকৰ বাবে তোলপাৰ লাগিছে Indian Idolত, অনুষ্ঠান বয়কট কৰাৰ দাবী লাখ লাখ লোকৰ

0
11327

উত্তৰ পূৱৰ যুৱকৰ বাবে তোলপাৰ লাগিছে Indian Idolত, অনুষ্ঠান বয়কট কৰাৰ দাবী লাখ লাখ লোকৰ

যি সময়ত আজিয়ো উত্তৰ পূৱ বুলিলে ভাৰতৰ বহু লোকেই ভালদৰে চিনি নাপাই, সেই সময়ত উত্তৰ পূৱৰ এগৰাকী যুৱকৰ বাবে মাত মাতিছে দেশৰ লাখ লাখ অনুৰাগীয়ে। আনকি উত্তৰ পূৱৰ সেই যুৱকৰ বাবে এতিয়া সংকটত পৰিছে দেশৰ অন্যতম ৰিয়েলিটি অনুষ্ঠান ইণ্ডিয়ান আইডল।

ইণ্ডিয়ান আইডলক বয়কট কৰাৰ দাবী উত্থাপন হৈছে সামাজিক মাধ্যমত। বহু লাখ লাখ লোকে ইণ্ডিয়ান আইডল ফেক তথা সকলো স্ক্ৰিপ্টেড বুলি দাবী কৰিছে।

যি গৰাকী যুৱকৰ বাবে এই হাহাকাৰ হৈছে সেই যুৱকগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ ৰীতো ৰীবা। সদ্যহতে ১৩ সংখ্যক ইণ্ডিয়ান আইডলৰ অনুষ্ঠান চলি থকাৰ মাজতে এইদৰে বয়কট কৰাৰ কথা উত্থাপন হৈছে।

উল্লেখ্য যে, ছনি টিভি যোগে সম্প্ৰচাৰিত ইণ্ডিয়ান আইডলত এইবাৰ অৰুণাচলৰ ৰীতো ৰীবা গৈছিল। ৰীবাই নিজৰ সুমধুৰ কণ্ঠেৰে সকলোৰে হৃদয় কৰিছিল। অনুষ্ঠানটোত ৰীবাই নিজৰ লিখা আৰু সুৰ দিয়া গান গাই সকলোকে আচৰিত কৰি তুলিছিল।

যি গান কেৱল অনুষ্ঠানৰ বিচাৰক বিশাল দাদলানী, হিমেশ ৰেশমিয়া আৰু নেহা কক্কৰেই পছন্দ কৰা নহয়, সেই সময়ৰ অনুষ্ঠানটোৰ লগতে ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সকলোতে। বহু লোকেই পছন্দ কৰিছিল ৰীবাৰ সেই গান আৰু সুমধুৰ কণ্ঠ।

https://www.instagram.com/reel/Ci9FEUfsPIk/?utm_source=ig_web_copy_link

কিন্তু ইমানৰ পাছতে অনুষ্ঠানটোত শীৰ্ষ ১৫ ত ৰীবাক বাছনি নকৰাত এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে বহু লাখৰ ঘৰত লোক। সকলোৱে অনুষ্ঠানটোৰ সকলো কথা ভুৱা আৰু পূৰ্বেই লিখি থোৱা বুলি কোৱাৰ লগতে বয়কট কৰাৰো কথা উল্লেখ কৰিছে।

আনহাতে ৰীতো ৰীবাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বিষয়ে উল্লেখ কৰি এক পোষ্ট দিয়ে। পোষ্টটোত ৰীবাই লিখে, কোনো কথা নাই মই বাছনি নহলো। ইমান দূৰ গৈ মোৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাটোৱেই ডাঙৰ কথা। সকলো অনুৰাগীকে ধন্যবাদ মোক সহাৰি জনোৱাৰ লগতে মোৰ গান ভাল পোৱা বাবে।

উল্লেখ্য যে, ৰীবা অৰুণাচলৰ এজন জনপ্ৰিয় গায়ক। ৰীবাৰ এক নিজা ইউটিউব চেনেলো আছে। য’ত লাখৰ ঘৰত চাবস্ক্ৰাইবাৰ আছে। বহু অনুৰাগীয়ে ৰীবাৰ মিঠা সুমধুৰ কণ্ঠৰ গান ভাল পাই। ৰীবাই ইনষ্টাগ্ৰামত কৰা পোষ্টটোৰ পাছতে বিশাল দাদলানীয়েও ৰীবাৰ ক্ষেত্ৰত কয়, তুমি বহুত ভাল গাণ গোৱা। বহুত ভাল কম্পোজো কৰা। তোমাৰ গাণ ৰেকৰ্ড কৰিব বিচাৰে কিবা সমস্যা হলে মোক কবা, মই সদায়ে আছো।