24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰত চৰকাৰৰ বিশেষ সুবিধা, শীধ্ৰেই দেশত আৰম্ভ হ’ব ই-পাছপৰ্টৰ কাম, জানক ইয়াৰ বিশেষত্ব কি

    ভাৰত চৰকাৰে দেশবাসীলৈ লৈ আহিছে এক বিশেষ সুবিধা। অহা বছৰৰ পৰা ভাৰতবৰ্ষত আৰম্ভ হ’বলৈ গৈ আছে ই-পাছপৰ্টৰ (E-Passport) কাম। য’ত ইলেক্ট্ৰ’নিক মাইক্ৰ’প্ৰ’ছেচৰ (Electronic Microprocessor) লগোৱা থাকিব।

    এটা ৰিপোৰ্টৰ তথ্য অনুসৰি ইতিমধ্যে ইয়াৰ ওপৰত চৰকাৰে ট্ৰায়েলো সুকলমে কৰি উঠিছে।

    চৰকাৰে কেৱল এঘণ্টাৰ ভিতৰতে ২০,০০০ ই-পাছপৰ্ট দিয়াৰ বাবে ট্ৰায়েল সফলতাৰে সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে অৱশ্যে পিছলৈ সম্পূৰ্ণ ৰূপে কামত লাগিবলৈ চৰকাৰে এঞ্জেন্সিৰ সহায় লব, যিয়ে আই টি ই ইন্ফ্ৰাষ্ট্ৰাক্সাৰ (IT Infrastructure) উন্নত কৰিব।

    ইয়াৰ বাবে দিল্লী আৰু চেন্নাইত ইউনিট বহোৱা হ’ব। যৰ পৰা প্ৰতিটো ঘণ্টাই ১০,০০০ ৰ পৰা ২০,০০০ লৈ ই পাছপৰ্ট দিয়া হ’ব।

    এই প্ৰজেক্টৰ বাবে নিশ্যনেল ইনফৰমেছন চেণ্টাৰে (National Information Center-NIT) বৈদেশীক মন্ত্ৰালয়ক (Ministry of External Affairs-MEA) প্ৰস্তাৱ (Request for Proposal-RFP) আগবঢ়াইছে।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং