33 C
Guwahati
Wednesday, October 13, 2021
More

    আই এম এফৰ অনুমান, চলিত বৰ্ষত ৯.৫ শতাংশ হাৰত বিকাশ হ’ব ভাৰতীয় অৰ্থনীতি

    আই এম এফৰ অনুমান, চলিত বৰ্ষত ৯.৫ শতাংশ হাৰত বিকাশ হ’ব ভাৰতীয় অৰ্থনীতি

    ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৭.৩ শতাংশ সংকুচিত হৈ পৰা ভাৰতীয় অৰ্থনীতি ২০২১ চনত ৯.৫ শতাংশ হাৰত বিকশিত হ’ব বুলি ধাৰণা কৰা হৈছে।

    আনহাতে, ২০২২ চনতো ভাৰতীয় অৰ্থনীতি ৮.৫ শতাংশ হাৰত বিকশিত হ’ব বুলি আশা কৰা হৈছে।

    আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফে শেহতীয়াভাৱে জাৰি কৰা পূৰ্বানুমানত এই কথা পোহৰলৈ আহিছে।

    আই এম এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথনে উল্লেখ কৰা মতে, জুলাই কোৱাৰ্টাৰতকৈ পৰৱৰ্তী কোৱাৰ্টাৰত বিশ্ব অৰ্থনীতি বিকাশৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাব যদিও ৫.৯ শতাংশ হাৰত ই বিকশিত হ’ব বুলি উল্লেখ কৰে।

    উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ যথেষ্ট মন্থৰ হৈ পৰিছিল।

    ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত এতিয়া ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ ধাৰাই মূল সূঁতিলৈ উভতি অহাটো যথেষ্ট আশাৰ বতৰা।

    আৰু পঢ়ক : ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া যোছেফ মাৰাকক সাক্ষাৎ ৰিপুন বৰাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং