30 C
Guwahati
Monday, September 19, 2022
More

    ভাল খবৰ; যোৰহাটত সেনাৰ, তামুলপুৰত অগ্নিবীৰ, ৱ’মেন মিলিটাৰী পুলিচ নিয়োগ ৰেলী

    যোৰহাটৰ আৰ্মী ৰিক্ৰুইটিং অফিচে অহা ৭ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈকে যোৰহাট জিলাৰ যোৰহাট ষ্টেডিয়ামত এক আৰ্মী ৰিক্ৰুইটেমেণ্ট ৰেলী অনুষ্ঠিত কৰিব।

    উজনি অসমৰ ৯ খন জিলা ক্ৰমে যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই আৰ্মী ৰিক্ৰুইটেমেণ্ট ৰেলী অনুষ্ঠিত হ’ব।

    আৰ্মী ৰিক্ৰুইটেমেণ্ট ৰেলীত অংশগ্ৰহণৰ বাবে বা এই ৰেলী সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলৰ বাবে এটা ৱেবছাইটো মুকলি কৰা হৈছে। ৱেবছাইটো হৈছে www.joinindianarmy.nic.in।

    একেদৰে নাৰেংগীৰ আৰ্মী ৰিক্ৰুইটিং অফিচে অগ্নিবীৰৰ বাবে ২৫ অক্টোবৰৰ পৰা ২৪ নৱেম্বৰলৈকে এক ৰিক্ৰুইটমেণ্ট ৰেলী অনুষ্ঠিত কৰিব।

    এই ৰেলী পশ্চিম আৰু নামনি অসমৰ ১৩ খন জিলা ক্ৰমে বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, বাস্কা, নলবাৰী, ওদালগুৰি, দৰং আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত অনুষ্ঠিত হ’ব।

    ইয়াৰ উপৰি উত্তৰ-পূব মণ্ডলৰ প্ৰাৰ্থীসকলৰ বাবে ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে এখ ৱ’মেন মিলিটাৰী পুলিচ ৰিক্ৰুইটমেণ্ট ৰেলীও অনুষ্ঠিত কৰিব। এই দুয়োটা ৰেলী তামুলপুৰৰ ১০৭ এম টি এন বি ডি ইৰ হেলিপেডত অনুষ্ঠিত হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং