
কাশ্মীৰত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত ভাৰতীয় সেনা বাহিনী জোৱানৰ মৃত্যু
কাশ্মীৰত শনিবাৰে এটা শোকাৱহ পথ দুৰ্ঘটনা ভাৰতীয় সেনা বাহিনীৰ চিপাহী সঞ্জয় কুমাৰ ভাটৰ বিয়োগ ঘটাৰ পাছতে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা প্ৰয়াত সেনা জোৱান গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
শনিবাৰে শ্ৰীনগৰৰ পাৰিমপোৰা অঞ্চলত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত ভাৰতীয় সেনা বাহিনীৰ চিপাহী সঞ্জয় কুমাৰ ভাটৰ দেহাৱসান ঘটিছিল।
চিনাৰ কৰ্পছ লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেকে ধৰি সকলো উচ্চ পদস্থ বিষয়াই প্ৰয়াত সেনা জোৱান গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰীনগৰত বন্ধ হৈ পৰা পথ পুনৰ মুকলি কৰি থকা কামত ব্যস্ত থকাৰ সময়তে চিপাহী সঞ্জয় কুমাৰ ভাটক এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই থৈ যায় আৰু এই দুৰ্ঘটনাটোতে সঞ্জয় কুমাৰ ভাটৰ দেহাৱসান ঘটে।
পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে সেনা বাহিনীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনত আটক কৰে।
আৰু পঢ়ক : চিকিৎসালয়ত এজনো চিকিৎসা কৰ্মী উপস্থিত নথকা বাবেই নগৰবেৰাত ৰোগীৰ মৰ্মান্তিক মৃত্যু