
সেনাই বিষয়াসকলক সতৰ্ক কৰি দিয়ে যে পাকিস্তানৰ intelligence Agency ‘আইএছআই’য়ে ছচিয়েল মিডিয়াত সুৰক্ষাকৰ্মীসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলাই আছে। কিছুদিন পূৰ্বে ISI-এ এজন সেনা বিষয়াক পাকিস্তানৰ এটা সন্দেহজনক গ্ৰুপত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ পিছতে সেনাই বিষয়াসকলক হোৱাটছ এপ ছেটিং সলনি কৰাৰ পৰামৰ্শ প্ৰদান কৰে।
১১ নৱেম্বৰত সেনাই জাৰি কৰা এখন পত্ৰৰ জৰিয়তে ক’লে যে- পাকিস্তানৰ এটা সন্দেহজনক ফোন নম্বৰ +9230332569307ৰে এগৰাকী সেনা বিষয়াক হোৱাটছ এপ গ্ৰুপত অন্তৰ্ভুক্ত কৰিছিল। বিষয়াগৰাকীয়ে গ্ৰুপটো এৰি দিয়াৰ পূৰ্বে গ্ৰুপটোৰ এটা স্ক্ৰীনশ্বট লয়। যদি বিষয়াগৰাকীৰ ছেটিংছত অনাধিকৃত গ্ৰুপসমূহক নিষিদ্ধ কৰা হ’ল হয়, তেন্তে এই বিষয়টোত গুৰুত্ব প্ৰদান কৰা নহ’ল হয়।

সেনাই জনোৱা অনুসৰি এই ঘটনাটোৱে স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ intelligence Agencyৰ লোকসকলে সেনাৰ বিষয়াসকলক লক্ষ্য কৰি লৈছে। পূৰ্বেও হোৱাটছ এপৰ দৰে প্লেটফৰ্মসমূহৰ জৰিয়তে সুৰক্ষাকৰ্মীৰ পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিছিল। সেনা বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ হোৱাটছ এপ ছেট নম্বৰৰ ছেটিং সলনি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ হোৱাটছ এপ কনটেক্ট লিষ্টৰ তালিকায়ো সীমিত কৰাৰ পৰামৰ্শ প্ৰদান কৰে।