৪ বছৰৰ পিছত অগ্নিবীৰসকলৰ কি হ’ব? প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে সেনা প্ৰধানে

0
2332

৪ বছৰৰ পিছত অগ্নিবীৰসকলৰ কি হ’ব? প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে সেনা প্ৰধানে

দেশত অগ্নিপথ আঁচনিৰ বাবে প্ৰায় সকলো ঠাইতে হোৱা হিংসাত্মক প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতে আজি ইয়াৰ ওপৰত ভাৰতীয় তিনিওটা সেৱাৰ সংবাদমেল অনুষ্ঠিত হয়।

আজি প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে সেনা বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পাছতে সংবাদিকৰ সৈতে হোৱা সাক্ষাতত সেনাৰ ফালৰ পৰা বহুতো প্ৰশ্নৰ উত্তৰ দিয়ে।

এই যুটীয়া সংবাদমেলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অংশ গ্ৰহন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা সেৱাৰ মুৰব্বীসকলৰ সৈতে অগ্নিপথ আঁচনিৰ বিষয়ে আলোচনা কৰে।

বহু সৈন্যই সময়ৰ পূৰ্বে অৱসৰ লয়-সংবাদমেলত কয় যে প্ৰতি বছৰে প্ৰায় ১৭,৬০০ কৰ্মচাৰীয়ে আগতীয়াকৈ অৱসৰ লয়, এনে নহয় যে কেৱল অগ্নিপথ আঁচনিৰ অধীনত হে মাত্ৰ ৪ বছৰ কাম কৰি অৱসৰ লব লাগিব বা ওলাই আহিব।

অগ্নিপথ নিযুক্তি আঁচনিসন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াই কয়, “আমি সশস্ত্ৰ বাহিনীৰ বয়সৰ আলেখ্য হ্ৰাস কৰিবলৈ এই সংস্কাৰ আনিছো।

৪ বছৰৰ পিছত অগ্নিবীৰৰ কি হ’ব?

লেফটেনেণ্ট জেনেৰেল অনিল পুৰীয়ে চাৰি বছৰৰ পিছত অগ্নিবীৰসকলৰ কি হ’ব সেই প্ৰশ্নৰ উত্তৰ দিয়ে। তেখেতে কয় যে, সেনাত যোগদান কৰোতা সদায় সৈনিক বুলিয়ে কোৱা হয়।

লগতে এই আঁচনিৰ অধিনত কাম কৰোতা সকলৰ ভিতৰত ২৫ শতাংশ লোকক চাকৰি দিয়া হ’ব। বাকী ৭৫ শতাংশ লোকে বহু ঠাইত চাকৰিৰ সুযোগ পায় বা পাব।

শেষত ইয়াকো কয় যে, এই আঁচনিৰ প্ৰক্ৰিয়াটো সুকলমে আগবাঢ়িলৈ দিয়ক, সকলো সমস্যাৰে সমাধান থাকিব বা উলিয়াব।