
অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ! প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতা
অৰুণাচল প্ৰদেশৰ মান্দালা পাহাৰত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত দুজনকৈ পাইলট আছিলে।বৰ্তমান লৈকে পাইলট দুজনৰ কোনো সন্ধান পোৱা নাই।
জানিব পৰা মতে চিতা হেলিকপ্টাৰ খন আজি পুৱা এয়াৰ ট্ৰেফিক কণ্ট’লৰে সংযোগ বিচ্ছিন্ন হৈছিল। পুৱা ৯.১৫ বজাত হেলিকপ্টাৰ খন নিখোঁজ হৈ পৰে। ইতিমধ্যে সেনাবাহিনীৰ উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ।
কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। পুৱাৰে পৰা বৰষুণ দি থকাৰ বাবে উদ্ধাৰ অভিযান ভালদৰে কৰিব পৰা নাই। ইয়াৰ পূৰ্বেও সেনাৰ বহু হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দূৰ্ঘটনাগ্ৰস্ত হৈছে।