17 C
Guwahati
Wednesday, December 1, 2021
More

    চীনৰ কুটিল অভিসন্ধি বিফল কৰিলে ভাৰতীয় সেনাই…

    ভাৰতৰ পৰা চীনে এতিয়াও আতৰোৱা নাই ৰঙা চকু। চীনে বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰাৰ বাবে সষ্টম হৈ থকাৰ সমান্তৰালকৈ এইবাৰ যোৱা ৩টা দিনত চীনা সৈন্য বাহিনীয়ে লাডাখৰ পেংগং এলেকাত নতুনকৈ অধিক এলেকা দখল কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। পিছে এইক্ষেত্ৰত পিছহুহকি অহা নাই ভাৰতো।

    ভাৰতে ইতিমধ্যে পাংগঙৰ দক্ষিণ এলেকা নিজৰ হাতলৈ আনিছে বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, ২৯ আৰু ৩০ আগষ্টত ভাৰতে উক্ত স্থান নিজৰ হাতলৈ আনিছে। লগতে উক্ত স্থান অধিক উচ্চতাত থকাৰ বাবে পাংগঙৰ দক্ষিণ এলেকাৰ সৈতে আন আন স্থানত চকু ৰখাৰ বাবে ভাৰতৰ বাবে কৌশলগতভাৱে সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

    অৱশ্যে ভাৰতে উক্ত স্থান এলএচিৰ পৰা নিজৰ দেশৰ দিশে আছে বুলি কৈছে যদিও চীনেও সেই স্থান তেওঁলোকৰ দেশৰ হয় বুলি দাবী কৰিছে। ইফালে ভাৰতীয় সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰি একাংশ সংবাদমাধ্যমে এই প্ৰসংগত ব্ৰিগেড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াকো কোৱা হৈছে যে, উক্ত বৈঠকত আলোচনা হৈছে যদিও কোনো ফলাফল ওলোৱা নাই।

    পিপ’লছ লিবাৰেল আৰ্মিৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে ইতিমধ্যে ভাৰতে দুয়োখন দেশৰ মাজত হোৱা কেবাখনো বৈঠকৰ সিদ্ধান্ত উলংঘা কৰাৰ অভিযোগ কৰিছে। ইফালে ভাৰতীয় সেনাই চীনে ২৯ আৰু ৩০ আগষ্টত পূৰ্বে দুয়োখন দেশৰ মাজত হোৱা চুক্তি তথা আলোচনা উলংঘা কৰাৰ অভিযোগ কৰিছে।

    সুযোগ গ্ৰহণ কৰি ভাৰতীয় সেনাই নিজকে সৱল কৰিছে আৰু চীনৰ সকলো ষড়যন্ত্ৰ ব্যৰ্থ কৰিছে। উল্লেখ্য যে, এপ্ৰিল-মে’ মাহৰ পৰাই চীন-ভাৰতে পৰস্পৰে সংঘাটত লিপ্ত হৈ আছে। চীনে গালৱান, কংৰুং নালা আদি ঠাইত ভাৰতৰ ভূমিত ভৰি দিয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মাজতে অব্যাহত আছে সংঘাটকেন্দ্ৰীক পৰিৱেশ।

    Photo Credit: Times of India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং