
যিকোনো মুহূৰ্ততে দেশবাসীক নিৰাপত্তা দিয়াৰ বাবে প্ৰস্তুত আছে বায়ু সেনা। বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনা দিৱসৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ লৈ এই নিশ্চয়তা দিয়ে বায়ু সেনাৰ প্ৰধান ৰাকেশ কুমাৰ সিং ভাদৌৰিয়াই। হিন্দন এয়াৰবেছত অনু্ষ্ঠানত অংশ লৈ তেখেতে কয়, ”মই দেশবাসীক নিশ্চয়তা দিও যে ভাৰতীয় বায়ু সেনাই দেশৰ সাৰ্বভৌমত্বৰ লগতে যিকোনো পৰিস্থিতিতে দেশবাসীক নিৰাপত্তা দিব।”
ইফালে কভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ কথা সোঁৱৰি তেখেতে কয়, এই বছৰটো আমি পূৰ্বে নভবা এটা বছৰ হৈছে। কাৰণ চৌদিশে কৰ’ণা কেন্দ্ৰীক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।
গাজিয়াবাদত অনুষ্ঠিত ৮৮ সংখ্যক বায়ু সেনা দিৱসৰ অনুষ্ঠানত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, চীফ অৱ আৰ্মি ষ্টাফ জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে আৰু নৌ সেনা প্ৰধান ৰকমবীৰ সিং। অনুষ্ঠানত ৮৮ সংখ্যক বায়ু সেনা দিৱসৰ পেৰেড পৰিদৰ্শন কৰে ৰাকেশ কুমাৰ সিং ভাদৌৰিয়াই।