
চলিত বৰ্ষৰ মাৰ্চ মাহত পাকিস্তানলৈ ভুলকৈ ব্ৰাহ্মছ মিছাইল নিক্ষেপ কৰাৰ বাবে বায়ুসেনাৰ তিনিজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। চৰকাৰে মঙলবাৰে এই কথা প্ৰকাশ কৰিছে।
বায়ুসেনাৰ এক বিবৃতি অনুসৰি ২০২২ চনৰ ৯ মাৰ্চত ভুলবশতঃ এটা ব্ৰাহ্মছ মিছাইল নিক্ষেপ কৰা হৈছিল। তদন্তৰ পিছতে তিনিজন বিষয়াই ঘটনাৰ বাবে প্ৰধানকৈ দায়ী আছিল। ইয়াৰ পিছতেই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।
উল্লেখ্য যে ভাৰতে কাৰিকৰী বিজুতিৰ বাবেই এই মিছাইলটো নিক্ষেপ হৈছিল বুলি সেই সময়ত জনাইছিল। সেনাৰ নিয়মিত অনুশীলনৰ সময়তে কাৰিকৰী বিজুতিৰ ফলত মিছাইলটো পাকিস্তানৰ দিশে নিক্ষেপ হয়।
পাকিস্তানৰ আকাশমাৰ্গৰ প্ৰায় ১০০ কি.মি. ভিতৰত মিছাইলটো বিস্ফোৰণ ঘটিছিল। এই ঘটনাৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰী ভাবে তদন্ত ঘোষণা কৰিছিল।