ভাৰতীয় বায়ু সেনাত ইতিহাস গঢ়িবলৈ সাজু হৈছে মহিলা পাইলটে, উৰুৱাব চিনুক হেলিকপ্টাৰ

0
589

ভাৰতীয় বায়ু সেনাত ইতিহাস গঢ়িবলৈ সাজু হৈছে মহিলা পাইলটে, উৰুৱাব চিনুক হেলিকপ্টাৰ

ভাৰতীয় বায়ু সেনাৰ পাতত ইতিহাস গঢ়িবলৈ সাজু হৈছে দুগৰাকী মহিলা পাইলট। চিনুক হেলিকপ্টাৰত প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা পাইলটক দেখা যাব। প্ৰথম বাৰৰ বাবে আই এ এফে দুগৰাকী মহিলা যুঁজাৰু বিমানৰ পাইলটক ফ্ৰণ্টলাইন চিনুক হেলিকপ্টাৰ উৰুৱাবৰ বাবে নিযুক্ত কৰিছে।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলঅচি) ভাৰতীয় সৈন্যসকলক সহায় কৰাত এই দুটা চিনুক গোটে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

বায়ু সেনাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এতিয়া এই চিনুক হেলিকপ্টাৰ উৰুৱাব লগা দুই মহিলা পাইলট হৈছে পাৰুল ভৰদ্বাজ আৰু স্বাতী ৰাথোৰ।

পূৰ্বে স্কোয়াড্ৰন লিডাৰ পাৰুল ভৰদ্বাজ আৰু স্বাতী ৰাথোৰে ৰাছিয়াত নিৰ্মিত এমআই-১৭ভি৫ হেলিকপ্টাৰ উৰুৱাই আছিল। এতিয়া চণ্ডিগড়ৰ চিএইচ-৪৭এফ চিনুক গোট আৰু অসমৰ মোহনবাৰীলৈ স্থানান্তৰ কৰা হৈছে দুয়োকে।