পঞ্জাৱত বায়ুসেনাৰ যুঁজাৰু বিমান মিগ-২৯ দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ অৱস্থা যথেষ্ট সংকটজনক

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটে নিজৰ প্ৰাণৰক্ষা কৰে। পাইলট এমকে পাণ্ডেটক সংকটজনক অৱস্থাত অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয়

0
35
প্ৰতীকী ছবি

পঞ্জাৱত ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। শুকুৰবাৰে দুপৰীয়া নৱানচহৰ জিলাৰ চুহাৰপুৰত সংঘটিত হয় এই ঘটনা। বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটে নিজৰ প্ৰাণৰক্ষা কৰে। পাইলট এমকে পাণ্ডেটক সংকটজনক অৱস্থাত অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয়।

মিগ-২৯ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা মাত্ৰকেই আশে-পাশে থকা গাঁৱৰ স্থানীয় লোকসকল দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছত জিলা আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াও ঘটনাস্থলীত উপস্থিত হয়। বায়ুসেনাক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰোৱা হয়। কিছু সময়ৰ পিছতে বায়ুসেনাৰ বিষয়া ঘটনাস্থলীত উপস্থিত হ’ব।

প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি প্ৰায় দুপৰীয়া ১১ বজাত আকাশৰ পৰা জ্বলন্ত গোলা বাগৰি পৰা দেখা পোৱা যায়। স্থানীয় লোক খেতিৰ ফালে দৌৰি যায় আৰু তেতিয়া দেখিলে যে তাত এখন বিমান বাগৰি পৰি আছিল আৰু বিমানখন বিস্ফোৰণ হৈ আছিল। বিস্ফোৰণৰ কাৰণে খেতিত জুই লাগে। ইয়াৰ বিষয়ে প্ৰশাসনৰ লোকক খবৰ দিয়ে। ইয়াৰ পিছত আৰক্ষী-প্ৰশাসনৰ বিষয়া সেই স্থানত উপস্থিত হয়।

Photo Credit: zeenews.india.com