28 C
Guwahati
Thursday, August 4, 2022
More

    এগৰাকী নহয়, কেইবাগৰাকী এনে ভাৰতীয় অভিনেত্ৰী আছে যাৰ চেহেৰা হলীউডৰ অভিনেত্ৰীৰ সৈতে সাইলাখ একেই

    এগৰাকী নহয়, কেইবাগৰাকী এনে ভাৰতীয় অভিনেত্ৰী আছে যাৰ চেহেৰা হলীউডৰ অভিনেত্ৰীৰ সৈতে সাইলাখ একেই

    পৃথিৱীখন ঘূৰণীয়া আৰু বিজ্ঞানৰ মতে, পৃথিৱীত হেনো মুঠ সাতগৰাকী লোকৰ চেহেৰাৰ সাদৃশ্য থাকে। আমি সাধাৰণ লোক সকলে হয়তো নিজৰ বাদে চেহেৰাৰ মিল থকা অন্য সেই ৬গৰাকী লোকক কোনোদিনে লগ নাপাম।

    কিন্তু নামি-দামি তাৰকাসকলে প্ৰায়ে তেওঁলোকৰ চেহেৰাৰ দৰে সাদৃশ্য থকা লোকক দেখা পায়। কিন্তু কেনে লাগিব যদি চেহেৰাৰ মিল অন্যগৰাকী লোকো নিজৰ দৰেই ডাঙৰ তাৰকা…

    বলীউডৰ পৰা হলিউডলৈকে এনে বহুতো অভিনেত্ৰী আছে, যাৰ চেহেৰা ইজনৰ সিজনৰ সৈতে একে। তেনেই কেইগৰাকীমান অভিনেত্ৰী হৈছে-

    মাৰ্লিন মনৰো আৰু মধুবালা
    ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কিংবদন্তি অভিনেত্ৰী মধুবালা কেৱল বলীউডতে নহয়, হলিউডতো বিখ্যাত আছিল। দৰাচলতে, হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মাৰ্লিন মনৰোৰ আবিৰ্ভাৱ মধুবালাৰ সৈতে মিল খাইছিল। মধুবালাৰ হাঁহিৰ পৰা আৰম্ভ কৰি আবেদনলৈকে, প্ৰায় সকলোবোৰ মিলিছিল মাৰ্লিনৰ সৈতে।

    এনি হেথৱে আৰু দিয়া মিৰ্জা
    হলিউডৰ অভিনেত্ৰী আৰু গায়িকা এনি হেথৱেক সাইলাখ দিয়া মিৰ্জাৰ দৰেই দেখাযত। এনিক হলিউডৰ বহুচৰ্চিত চলচ্চিত্ৰ ‘ইণ্টাৰষ্টেলাৰ’ আৰু ‘বেটমেন: দ্য ডাৰ্ক নাইট ৰাইজছ’ত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। একে সময়তে, দিয়া মিৰ্জাক বলীউডৰ বহুতো চলচ্চিত্ৰত কাম কৰা দেখা গৈছে।

    ৰাখী সাৱন্ত আৰু হাইফা ভেহবে
    বহু কেইটা চাৰ্জাৰী আৰু বয়সৰ বাবে বৰ্তমানে ৰাখী দেখাত যিয়েই নহওক, এটা সময়ত হলিউডৰ অভিনেত্ৰী হাইফা ভেহবেৰ সৈতে বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্তৰ চেহেৰাৰ বহু পৰিমাণে মিল আছে। কেৱল চেহেৰাই নহয় দুয়োগৰাকীৰে আচৰণো সাদৃশ্যপূৰ্ণ। ৰাখী যিদৰে নিজৰ মন্তব্যবোৰৰ বাবে লাইমলাইটত থাকে তেনেদৰে হাইফা ভেহবেও লাইমলাইটত থাকে।

    ভেৰা ফৰ্মিগা আৰু অশ্বিনী ভাৱে
    হলিউডৰ বিখ্যাত ভৌতিক চলচ্চিত্ৰ ‘কনজিউৰিং’ত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ভেৰা ফাৰ্মিগাক ঠিক বলীউডৰ অভিনেত্ৰী অশ্বিনী ভাৱেৰ দৰে দেখা যায়। অশ্বিনী ভবেক অক্ষয় কুমাৰৰ সৈতে ‘সৈনিক’ বোলছবিখনত কাম কৰা দেখা গৈছিল।

    চেন্দ্ৰা বুলক আৰু অনিতা ৰাজ
    হলিউডৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ ভিতৰত, চেন্দ্ৰা বুলক আৰু বলীউডৰ অভিনেত্ৰী অনিতা ৰাজৰো চেহেৰাৰ বহুখিনি মিল আছে। দুয়োগৰাকী অভিনেত্ৰীৰে চকু, নাক, ওঠৰ বহুখিনি মিল দেখা যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং