26 C
Guwahati
Friday, October 7, 2022
More

    স্বৰ্ণ জয়ৰ আশা সজীৱ; শ্বাহৰুদ্ধকাৰী মেচত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ

    কমনৱেল্থ গেমছত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা মহিলা ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে। ছেমিফাইনেল মেচত ঘৰুৱা দল ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে।

    অতি শ্বাহৰুদ্ধকাৰী মেচখনত ভাৰতে ৪ ৰানত বিজয়ী হয়।

    প্ৰথমে বেট ধৰা ভাৰতে অপেনাৰ স্মৃতি মান্দানাৰ বিস্ফোৰক ৬১ ৰানৰ অৰ্ধশতকীয় ইনিংছ আৰু ৰদ্ৰিগেজৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰিছিল।

    স্মৃতিয়ে ৮ টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৩২ টা বলত এই বিস্ফোৰক ইনিংছটো খেলিছিল। ইফালে চেইফালি বৰ্মাই ১৫, অধিনায়ক হৰমনপ্ৰীত কৌৰে ২০ আৰু দীপ্তি শৰ্মাই ২২ ৰানৰ বৰঙণি আগবঢ়াই।

    বিজয়ৰ বাবে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰিব আহি ইংলেণ্ডে বিস্ফোৰক আৰম্ভণি কৰে যদিও ভাৰতীয় বলাৰৰ সঠিক ৰণনীতিৰ বাবে লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

    অতি ৰোমাঞ্চকৰ মেচখনত ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬০ ৰানহে সংগ্ৰহ কৰে।

    ভাৰতৰ স্নেহা ৰানাই দুটা আৰু দিপ্তী শৰ্মাই এটা উইকেট লাভ কৰে।

    ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়া বা নিউজিলেণ্ডৰ বিৰুদ্ধে স্বৰ্ণ পদকৰ বাবে যুঁজ দিব।    

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং