খেলক লৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী প্ৰায়ে বিতৰ্কৰ মাজত সাঙোৰ খাই থাকে, কিন্তু প্ৰথমবাৰলৈ কোহলীয়ে এখন কিতাপ পঢ়াৰ বাবে আলোচনাৰ মাজত সোমাই পৰিছে।
এণ্টিগুৱাত ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম টেষ্ট মেচৰ দ্ৱিতীয় দিনা ড্ৰেছিং ৰুমত বহি ‘Detox Your Ego’ শীৰ্ষক কিতাপ খন পঢ়ি আছিল কোহলীয়ে, এই ফটো ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ফটো ভাইৰেল হৈ পৰাৰ পিছতে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ট্ৰল কৰিব আৰম্ভ কৰিছিল।
টীম ইণ্ডিয়াই বেটিং কৰি থকাৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ড্ৰেছিং ৰুমত কিতাপ পঢ়ি থকাৰ ফটো ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ভাইৰেল হোৱা ফটোখনত অনুৰাগীয়ে দিবলৈ আৰম্ভ কৰিছিল বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া।

কেইজনমান অনুৰাগীয়ে ক’লে যে কোহলীয়ে নিজৰ বাবে প্ৰকৃত কিতাপ পঢ়ি আছে। আনহাতে আন এজন অনুৰাগীয়ে ক’লে যে কোনে কোহলীক এনেধৰণৰ কিতাপ পঢ়িবলৈ পৰামৰ্শ দিছিল।