ভাৰত-বাংলাদেশ শৃংখলাৰ দ্বিতীয়খন খেলত অথন্তৰ, খেলৰ মাজতে আঘাত লৈ আঁতৰিল অধিনায়ক ৰোহিত শৰ্মা

0
2108

ভাৰত-বাংলাদেশ শৃংখলাৰ দ্বিতীয়খন খেলত অথন্তৰ, খেলৰ মাজতে আঘাত লৈ আঁতৰিল অধিনায়ক ৰোহিত শৰ্মা

ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন খেল অনুষ্ঠিত হৈ আছে। শৃংখলাটোৰ প্ৰথমখন খেলত পৰাজয় বৰণ কৰিছিল ভাৰতীয় ক্ৰিকেট দলটোৱে। এক পইণ্টত পিছ পৰি থকা টীম ইণ্ডিয়াই মিৰপুৰত আজিৰ মেচখন জিকি প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

আজিৰ খেলখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ খেল খনত ভাৰতীয় দলটোত আছে ৰোহিত শৰ্মা (অধিনায়ক), শিখৰ ধাৱান, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল , ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, মহম্মদ চিৰাজ আৰু উমৰণ মালিক।

পাছে ভাৰতীয় দলে ফিল্ডিং কৰি থাকোতেই এক অঘটন সংঘটিত হয়। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই আঘাত পাই খেলত। খেল আৰম্ভ হোৱাৰ লগে লগে টীম ইণ্ডিয়াই এই বিফলতাৰ সন্মুখীন হয়।

অধিনায়ক ৰোহিত শৰ্মাই ফিল্ডিং কৰি থাকোতে মহম্মদ চিৰাজৰ বলত এটা কেচ ধৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেতিয়াই আঘাত পাই ক্ৰিকেটাৰগৰাকীয়ে। আঘাত পাই লগে লগে খেলপথাৰ এৰে ৰোহিত শৰ্মাই।

আনাহতে বাংলাদেশে দ্বিতীয়টো অভাৰতে এটা উইকেট হেৰুৱাই। অনামূল হকে মাত্ৰ ১১ ৰান কৰি আউট হয়। ১০ অভাৰৰ ভিতৰত দুটা উইকেট হেৰুৱাই ৪৭ ৰান সংগ্ৰহ কৰে বাংলাদেশৰ দলে।