৭ বছৰৰ পাছত এইখন দেশলৈ যাব ভাৰত; খেলিব এদিনীয়া আৰু টেষ্ট মেচৰ শৃংখলা

0
48
প্ৰতিনিধিত্বমূলক চিত্ৰ

টি-২০ বিশ্বকাপৰ অন্তত ভাৰতীয় ক্ৰিকেট দলে তিনিখন এদিনীয়া মেচ আৰু দুখন টেষ্ট মেচৰ শৃংখলা খেলিবলৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ ৰাওনা হ’ব।

৭ বছৰৰ পিছত ভাৰতে বাংলাদেশত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ যাব বুলি প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে।

জানিব পৰা মতে, ৪ ডিচেম্বৰৰ পৰা এদিনীয়া আৰু ১৪ ডিচেম্বৰৰ পৰা টেষ্ট মেচৰ শৃংখলা আৰম্ভ হ’ব। শৃংখলাৰ বাবে ভাৰতীয় দলটো ১ ডিচেম্বৰত বাংলাদেশত উপস্থিত হ’ব।

উল্লেখ্য যে ২০১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে বাংলাদেশ ভ্ৰমণ কৰিব। ২০১৫ চনৰ সেই ভ্ৰমণত একমাত্ৰ টেষ্টখন ড্ৰ’ৰূপে সমাপ্ত হৈছিল, আনহাতে বাংলাদেশে এদিনীয়া শৃংখলাটো ২–১ ব্যৱধানত জয়লাভ কৰিছিল।  

ভাৰতীয় দলটোৰ এই ভ্ৰমণকলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ লগতে দেশখনৰ কোটি-কোটি অনুৰাগী যথেষ্ট উৎসাহী হৈ পৰিছে।

দলটোৰ কাৰ্যসূচী

৪ ডিচেম্বৰত প্ৰথম এদিনীয়া (ঢাকা), ৭ ডিচেম্বৰত দ্বিতীয় এদিনীয়া (ঢাকা) আৰু ১০ ডিচেম্বৰত তৃতীয় এদিনীয়া (ঢাকা)।

চট্টগ্ৰামত ১৪-১৮ ডিচেম্বৰলৈকে প্ৰথমখন টেষ্ট আৰু ২২-২৬ ডিচেম্বৰলৈ ঢাকাত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব।