
ভাৰতৰ মহাবানিজ্যদূত সন্দিপ চক্ৰৱৰ্তীয়ে আমেৰিকাস্থিত নিউয়ৰ্ক চহৰত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতক কাশ্মীৰি সংস্কৃতিৰ ওপৰত ইজৰাইলি আৰ্হি অনুসৰণ কৰাৰ কথা উনুকিয়াই । কাশ্মীৰি সংস্কৃতি হৈছে ভাৰতৰ এক অভেদ্য অংগ, যাক কেতিয়াও এৰি চলিব নোৱাৰি। পৃথিৱীৰ প্ৰান্তে প্ৰন্তে সিচৰিত হৈ আছে এই কাশ্মীৰি সংস্কৃতিৰ লোক ।
পিছে সদ্যহতে ভাৰতত হৈ যোৱা ৩৭০ নং অনুচ্ছেদৰ কাশ্মীৰ প্ৰসংগই সমগ্ৰ দেশৰ লগতে বিশ্বৰ অন্য দেশ সমুহতো তোলপাৰ লগায়। সেয়ে ইজৰাইলৰ দৰে উন্নত সংস্কৃতিৰ দেশ এখনৰ আৰ্হি লোৱাৰ কথা উল্লেখ কৰে সন্দিপ চক্ৰৱৰ্তীয়ে। ইজৰাইলৰ লোক সকলে দেশৰ বাহিৰত য’তেই নাথাকক কিয় এটা সময়ত হ’লেও নিজৰ দেশলৈ ওভতি গৈ তাৰ সংস্কৃতিৰ সৈতে জড়িত হৈ পৰে। কিন্তু কাশ্মীৰত এই দৃশ্য দেখা তেনেই তাকৰ। ৰাজ্য খনৰ সন্ত্ৰাসবাদী কাৰ্যকালাপ আৰু বিভীষিকাই তাৰ লোক সকলক সেই সংস্কৃতি এৰি পলায়ন কৰিবলৈ বাধ্য কৰায়।
অনুষ্ঠান খনৰ লগত সংগতি ৰাখি তাত উপস্থিত থকা অন্য ভাৰতীয় আৰু কাশ্মীৰি পণ্ডিত সকলক উদ্দেশ্য কৰি সন্দিপ চক্ৰৱৰ্তীয়ে কয় যে, ‘আমি আমাৰ ভুমি আকৌ উভতাই পাম। যদি ইজৰাইলৰ দৰে সন্ত্ৰাসজৰ্জৰ এখন দেশৰ নাগৰিকে কৰিব পাৰে তেন্তে আমি কিয় নোৱাৰো। আমি আমৰ নেতৃত্ব আগবঢ়াব লাগিব, ভেটি দৃঢ় কৰিব লাগিব।’