
ভাৰতক ধমক আমেৰিকাৰ; ‘পৰিণাম ভুগিব লাগিব ভাৰতে’ – ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতো ভাৰতে ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা বিষয়টোক লৈ এতিয়া আক্ৰমক হৈ পৰিছে আমেৰিকা।
ৰাছিয়াৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ বাৰম্বাৰ হেচা প্ৰয়োগ কৰি থকাৰ পিছতো আমেৰিকাৰ কথা নুশুনা ভাৰতক এইবাৰ একপ্ৰকাৰ মুকলি ধমক প্ৰদান কৰিছে আমেৰিকাই।
আমেৰিকাই কৈছে যে যদি ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক বজাই ৰাখে তেন্তে তেওঁলোকে পৰিণাম ভুগিব লাগিব।
ব্লুমবৰ্গৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি জ’ বাইডেনৰ আৰ্থিক পৰামৰ্শদাতা ব্ৰায়ান ডীজে কয় যে ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা ভাৰতক আমেৰিকা প্ৰশাসনে সকিয়নী প্ৰদান কৰিছে।
তেওঁ লগতে কয় যে ইউক্ৰেইন-ৰাছিয়া যুদ্ধক লৈ ভাৰতে কৰা কিছু মন্তব্য আপত্তিজনক।
তেওঁ কয়, ‘যুদ্ধ সন্দৰ্ভত এনে পৰিস্থিতি আহিছিল য’ত চীন আৰু ভাৰতে লোৱা সিদ্ধান্তত আমি অত্যন্ত নিৰাশ হৈছিলো’।
তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতক কৈছে যে যদি ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰে তেন্তে ভাৰতে দীৰ্ঘদিনলৈ ইয়াৰ পৰিণাম ভুগিব লাগিব।
আৰু পঢ়ক : পিতৃৰ ওপৰত গুৰুতৰ অভিযোগ, কিশোৰী কন্যাক যৌন নিৰ্যাতন