পাকিস্তান ক্ৰিকেট দলক মোক্ষম আঘাত; বিশ্বকাপৰ বাবে নাপালে ভাৰতৰ ভিছা

0
245

ভাৰতত হ’বলগীয়া দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ ভিছা লাভ কৰা নাই পাকিস্তানৰ দৃষ্টিহীন ক্ৰিকেট দলটোৱে।

মঙলবাৰে পাকিস্তান দৃষ্টিহীন ক্ৰিকেট পৰিষদে এক বিবৃতি প্ৰকাশ কৰি দলটোৱে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অনুমতি নোপোৱাৰ দাবী কৰে।

পিবিচিচিয়ে এক বিবৃতিত কয়, ‘এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে পাকিস্তানৰ দৃষ্টিহীন ক্ৰিকেট দলটো দোধোৰ মোধোৰ পৰিস্থিতিত পৰিছে।

বিশ্বকাপৰ ফাইনেল ভাৰত আৰু পাকিস্তানৰ মাজত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল আৰু বৰ্তমান দুৰ্দান্ত ফৰ্মত থকা পাকিস্তানে খিতাপ জয় কৰাৰ প্ৰবল সম্ভাৱনা আছিল’।

৫ ডিচেম্বৰৰ পৰা ভাৰতত আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল।

পিবিচিচিয়ে কয় যে, ‘ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাই তেওঁলোকৰ চৰকাৰক পাকিস্তানী খেলুৱৈক ভিছা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে’।

‘আমি বিশ্ব দৃষ্টিহীন ক্ৰিকেটক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিম আৰু ভৱিষ্যতে ভাৰতে যাতে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ সুবিধা নাপাই তাৰো দাবী জনাম’, এইদৰে কয় বিবৃতিটোত।

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট এছ’চিয়েশ্যনে নিশ্চিত কৰিছে যে পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰতিযোগিতাখনৰ সময়সূচী পুনৰ প্ৰকাশ কৰা হ’ব।

এই প্ৰতিযোগিতাখনত ভাৰত, বাংলাদেশ, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নেপাল আৰু দক্ষিণ আফ্ৰিকাৰ দলে অংশগ্ৰহণ কৰিব। এই খেলসমূহ ফৰিদাবাদ, দিল্লী, মুম্বাই, ইন্দোৰ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব।