সৌৰভ গাংগুলীৰ নেতৃত্বত ৱৰ্ল্ড জায়েণ্টছৰ বিৰুদ্ধে খেলিব ভাৰতে

0
6053
প্ৰতিনিধিত্বমূলক চিত্ৰ

লিজেণ্ডছ লীগ ক্ৰিকেট (এল এল চি)ৰ আৰম্ভণিতে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত কলকাতাৰ প্ৰতিষ্ঠিত ইডেন গাৰ্ডেনত এখন বিশেষ মেচ অনুষ্ঠিত হ’ব। শুকুৰবাৰে আয়োজকে এই তথ্য প্ৰদান কৰে।

ইণ্ডিয়া মহাৰাজা আৰু ৱৰ্ল্ড জায়েণ্টছৰ মাজত হ’বলগীয়া এই মেচখন ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষৰ লগত জড়িত উদযাপনৰ বাবে উৎসৰ্গিত কৰা হ’ব।

এল এল চিৰ কৰ্তৃপক্ষৰ হৈ ৰবি শাস্ত্ৰীয়ে বিবৃতিত কয়, ‘স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাটো আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমি চলিত বছৰৰ লীগখন ৭৫ সংখ্যক স্বাধীনতা উদযাপনৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছো’।

ইণ্ডিয়া মহাৰাজাৰ নেতৃত্বত থাকিব ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আনহাতে ৱৰ্ল্ড জায়েন্টছৰ নেতৃত্বত থাকিব ইংলেণ্ডৰ ২০১৯ বিশ্বকাপ বিজয়ী অধিনায়ক ইয়ন মৰ্গান।

এই বিশেষ মেচৰ পিছদিনাই অৰ্থাত ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এল এল চি টুৰ্ণামেণ্ট। ২২ দিনলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাখনত চাৰিটা দলে অংশ ল’ব আৰু মুঠ ১৫ খন মেচ অনুষ্ঠিত হ’ব।