26 C
Guwahati
Thursday, May 26, 2022
More

    খহি পৰিল কলাৰ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

    খহি পৰিল কলাৰ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

    পৰিৱেশ্য কলাৰ জগতৰ বাবে এক অতিকে দুখৰ সংবাদ। কিংবদন্তি শাস্ত্ৰীয় নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান।

    কথক নৃত্যত মহাৰথ লাভ কৰি পণ্ডিত উপাধি লাভ কৰা বিৰজু মহাৰাজে বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত ৮৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে নৃত্যৰ পণ্ডিতগৰাকীয়ে।

    ১৯৮৬ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্ম বিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত বিৰজু মহাৰাজ নৃত্যৰ লগতে শাস্ত্ৰীয় সংগীততো পাৰ্গত আছিল। তেখেতৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৪ ফেব্ৰুৱাৰীত লক্ষ্ণৌত।

    ১৬ ডিচেম্বৰ দেওবাৰে নিশা দিল্লীৰ বাসভৱনত নাতিয়েকৰ সৈতে খেলি থকাৰ সময়তে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে। ততাতয়াকৈ দিল্লীৰ ছাকেট হাস্পাতাললৈ নিয়া হয় যদিও চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে।

    বিগত বহুদিন ধৰি কিংবদন্তি নৃত্যশিল্পীগৰাকী বৃক্কৰ সমস্যাত ভূগি আছিল। মাত্ৰ ২৮ বছৰ বয়সতে সংগীত নাটক একাডেমী, পদ্ম বিভূষণ, নৃত্যু চৌদামণি কালিদাস সন্মান, লতা মংগেশকাৰ পুৰষ্কাৰ, দুখনকৈ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী, ৰাষ্ট্ৰীয় নৃত্য়ু শিৰোমণি সন্মানৰ লগতে অন্য বহুতো সন্মান লাভ কৰিছিল বিৰজু মহাৰাজে।

    তেখেতে কেইবাখনো ভাৰতীয় ছবিতো নৃত্য পৰিচালনা কৰিছিল। সত্যজিৎ ৰায়ৰ ‘শতৰঞ্জ কি খিলাড়ী’, ‘দেবদাস’, ‘বাজীৰাও মস্তানি’ৰ দৰে ছবিত নৃত্য পৰিচালনা কৰিছে। ‘বিশ্বৰূপম’ ছবিত নৃত্য পৰিচালনাৰ বাবে চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল পণ্ডিতগৰাকীয়ে।

    আৰু পঢ়ক : আজি শিল্পী দিৱস, শুকান নাৰিকলত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকন যুৱকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং