28 C
Guwahati
Thursday, August 18, 2022
More

    G-7ৰ সদস্য নহয় ভাৰত, তথাপিও মোদীক জনোৱা হৈছে আমন্ত্ৰণ

    কাইলৈ G-7ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত এনে কেইখনমান বিকশিত দেশ আছে যি দেশে নিৰ্ধাৰণ কৰিছিল বিশ্বৰ প্ৰায়বোৰ সিদ্ধান্তৰ পথ।

    কাইলৈ G-7ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত এনে কেইখনমান বিকশিত দেশ আছে যি দেশে নিৰ্ধাৰণ কৰিছিল বিশ্বৰ প্ৰায়বোৰ সিদ্ধান্তৰ পথ। অৱশ্যে G-7ৰ সদস্য নহয় ভাৰত তত্সত্বেও এই সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনোৱা হৈছে আমন্ত্ৰণ।

    ইয়াৰ পূৰ্বে G-8 আছিল এই সন্মিলনৰ নাম। য’ত অংশ লৈছিল আমেৰিকা, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ৰুছে। ইউৰোপীয় সংঘও অংশীদাৰ আছিল কিন্তু পৰৱৰ্তী সময়ত বাহিৰ কৰি দিয়া হৈছিল এই সন্মিলনৰ পৰা। তাৰ পিছৰে পৰা G-7 হিচাপে পৰিগণিত এই সন্মিলন।

    কিহৰ বাবে ভাৰতক আমন্ত্ৰণ?
    মোদীয়ে ৩খন দেশ ভ্ৰমণলৈ যোৱাৰ সময়ত প্ৰথমে উপস্থিত হৈছিলগৈ ফ্ৰান্সত। সেই সময়তে মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে সম্ৱোধন কৰিছিল সংবাদ মাধ্যমক আৰু মন্তব্য আগবঢ়াইছিল G-7 সন্দৰ্ভত। আমি বিচাৰো যে ভাৰতো অংশীদাৰ হওক এই সন্মিলনৰ, কিয়নো ভাৰতৰ অবিহনে কিছুমান বিষয়ত মুঠেই আগবাঢ়িব নোৱাৰিম আমি।

    Guwahati | Edited by: Akash Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং