দলীয় শাখাতো পদক বঞ্চিত হিমা দাস, মহিলাৰ দৌৰত পঞ্চম স্থানতে সন্তুষ্ট

0
316

দলীয় শাখাতো পদক বঞ্চিত হিমা দাস, মহিলাৰ দৌৰত পঞ্চম স্থানতে সন্তুষ্ট। কমনৱেলথ গেমছ ২০২২ ত মহিলাৰ ৪x১০০ মিটাৰ ৰিলেত ভাৰতে পঞ্চম স্থান লাভ কৰিছে।

ভাৰতৰ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে দলে দেওবাৰে কমনৱেলথ গেমছত ৪৩.৮১ ছেকেণ্ড সময়ৰ সৈতে পঞ্চম স্থানত থাকে।

ভাৰতীয় মহিলা দলটোত আছিল দ্যুতি চান্দ, হিমা দাস, শ্ৰাবানী নন্দা আৰু জ্যোতি য়াৰাজী। দ্যুতি চান্দৰ পৰা আৰম্ভ হৈ হিমা, শ্ৰাবানী আৰু শেষত জ্যোতিয়ে সম্পূৰ্ণ কৰিছিল দৌৰ।

নাইজেৰিয়াই ৪২.১০ ছেকেণ্ড সময়ৰ সৈতে সোণৰ পদক জয় কৰিছিল যিটো দলটোৰ ব্যক্তিগত শ্ৰেষ্ঠ আৰু আফ্ৰিকাৰ ফালৰ পৰা শ্ৰেষ্ঠ সময়ৰ বাবে অভিলেখ হৈছিল। তাৰ বিপৰীতে ইংলেণ্ডে ৪২.৪১ ছেকেণ্ড সময়ৰ সৈতে দ্বিতীয় স্থানত থাকে।

আনহাতে এই দৌৰ প্ৰতিযোগিতাৰ হট ফেভাৰিট হৈ নমা মহিলাৰ জামাইকা দলে তৃতীয় স্থানত থাকি ব্ৰঞ্জ পদক লাভ কৰে। জামাইকাৰ দলটোৱে সময় লয় ৪৩.০৮ ছেকেণ্ড।