
দুডালকৈ সাপ, দুবাৰকৈ বৰষুণ, নজ্বলা লাইট…এই সকলোবোৰ সমস্যা নেওচি গুৱাহাটীত ভাৰতীয় ক্ৰিকেট দলৰ ৰোমাঞ্চকৰ জয়, ১৬ ৰাণত জয়লাভ।
২ অক্টোবৰ দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেটত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰে।
ইয়াৰ দ্বাৰা ভাৰতীয় ক্ৰিকেট দলে গৃহভূমিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত জয় নিশ্চিত কৰে। এই জয়ৰ জৰিয়তে ভাৰতে এই শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।
ভাৰতে ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৩ টা উইকেটৰ বিনিময়ত ২২১ ৰাণতে ইনিংছ সামৰে।
তাৰোপৰি কালিৰ এই খেলখনতেই কেইবাটাও অভিলেখৰো গৰাকীহয় ভাৰতীয় ক্ৰিকেট দল লগতে খেলুৱৈ।
টি-২০ত ১১,০০০ ৰান সম্পূৰ্ণ কৰে বিৰাট কোহলীয়ে । টি-২০ত ১১ হেজাৰ ৰান সম্পূৰ্ণ কৰা কোহলী হৈছে প্ৰথম ভাৰতীয় ।
আনহাতে কালিৰ গুৱাহাটীত অনুষ্ঠিত হোৱা এই টি-২০ খেলখনতেই দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। ১৮ টা বলত অৰ্ধশতক কৰে। সূৰ্যই মাত্ৰ ২২ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৫ টা বাউণ্ডেৰী আৰু ৫টা অভাৰ বাউণ্ডেৰী মাৰে।
দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়েও ভাল খেল খেলে। কিলাৰৰ ৰূপত ডেভিদ মিলাৰে (১০৬ ৰান) শতক অৰ্জন কৰে। কুইন্টন ডি ককে (৬৯) তেওঁক যোগ্য সংগ দিয়ে। কিন্তু ভাৰতৰ হাতৰ পৰা জয় কাঢ়ি নিব নোৱাৰিলে।