28 C
Guwahati
Saturday, October 1, 2022
More

    চীনৰ যুদ্ধ বিমান লাডাখ সীমান্তৰ পৰা আঁতৰাই ৰাখিবলৈ সকিয়নী ভাৰতৰ

    পূব লাডাখৰ সীমান্তৰ সমীপত যুদ্ধ বিমান উৰুওৱা সন্দৰ্ভত ভাৰতে চীনক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে। ভাৰতে চীনক নিজৰ যুদ্ধ বিমান লাডাখ সীমান্তৰ পৰা আঁতৰাই ৰাখিবলৈ কয়।

    টাইৱানৰ সৈতে চলি থকা বিবাদৰ মাজতে ভাৰতে চীনক দিয়া এই সতৰ্কবাণীয়ে সকলোৰে দৃষ্টি কাঢ়িছে।

    উল্লেখ্য যে আমেৰিকাৰ সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষা নেন্সি পেল’ছিৰ টাইৱান ভ্ৰমণৰ পাছৰে পৰা ক্ষুব্ধ হৈ পৰিছে চীন। ইয়াৰ প্ৰতিবাদত চীনে টাইৱানৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো সামৰিক অনুশীলন আৰম্ভ কৰিছে।

    এই বিষয়ত ভাৰতে চীনৰ সৈতে সামৰিক পৰ্যায়ত এখন বৈঠক আহ্বান কৰিছিল। ইয়াত ভাৰতে পূব লাডাখত চীনৰ প্ৰৰোচনামূলক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ দাখিল কৰে।

    চৰকাৰী সূত্ৰই জনোৱা মতে, মেজৰ জেনেৰেলৰ নেতৃত্বত এই বিশেষ সামৰিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ সময়ত বায়ুসেনাৰ এয়াৰ কামাণ্ডাৰসকল উপস্থিত আছিল।

    পূব লাডাখত ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে হোৱা সামৰিক পৰ্যায়ৰ আলোচনাত প্ৰথমবাৰৰ বাবে অংশ লৈছিল ভাৰতীয় বায়ুসেনাৰ বিষয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং