
মহানগৰীত বৰ্দ্ধিত ভাড়াৰ বিৰুদ্ধে অভিযান- জব্দ ৫খন বাহন, ৩০খনৰ বিৰুদ্ধে গোচৰ ৰুজু
মহানগৰীত বৰ্দ্ধিত ভাড়াৰ বিৰুদ্ধে অভিযান- জব্দ ৫খন বাহন, ৩০খনৰ বিৰুদ্ধে গোচৰ ৰুজু। আজি ১৮ নৱেম্বৰ বৃহস্পতিবাৰে জিলা পৰিবহণ বিভাগে হঠাতে তালাচী অভিযান চলায়।
চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা অভিযোগৰ পিছতে এইদৰে হঠাতে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত এই অভিযান চলে।

মহানগৰীৰ লালগণেশ, লখৰা পথত জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে বৃহস্পতিবাৰে এক অভিযান চলায়। এই অভিযানত যাত্ৰীৰ অভিযোগৰ ভিত্তিত চিটি বাছকে ধৰি ৬ খন বাহন জব্দ কৰাৰ উপৰি ৩৩ খন বাহনৰ বিৰুদ্ধে পৰিবহণ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।