কোৱাৰেনণ্টাইন চেণ্টাৰত অঘটন, নিশা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি ৰোগীক আক্ৰমণ

0
1046
কোৱাৰেনণ্টাইন চেণ্টাৰত অঘটন, নিশা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি ৰোগীক

কোৱাৰেনণ্টাইন চেণ্টাৰত অঘটন, নিশা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি ৰোগীক আক্ৰমণ

লখিমপুৰৰ নাৰায়ণপুৰৰ পলিটেকনিক কলেজৰ কোৱাৰেনণ্টাইন চেণ্টাৰত নিশা অঘটন। পানীৰ সংযোগ নথকাক লৈ নিশা কোৱাৰেনণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

পানী অসুবিধাৰ অভিযোগ অনাৰ বাবেই কভিড চেণ্টাৰৰ ভিতৰলৈ সোমাই আহি সাতজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে কভিড ৰোগীক। চিকিৎসাধীন হৈ থকা দুজনকৈ ৰোগীক আক্ৰমণ কৰাৰ অভিযোগ৷

আক্ৰমণত আঘাত প্ৰাপ্ত অভিজিৎ হাজৰিকা নামৰ যুৱক জনক নিশাই উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হস্পিতালৰ কভিড চেণ্টাৰলৈ প্ৰেৰণ।

উল্লেখ্য যে,শনিবাৰে কেন্দ্ৰটোত দিনটো ধৰি ব্যাহত হৈ আছিল পানীৰ সংযোগ ৷ ফলত অসুবিধাৰ সন্মুখীন হৈ আহিছিল ৰোগীসকল। কোৱাৰেনণ্টাইন চেণ্টাৰটোত নিশা প্ৰায় ৯ বজাত প্ৰৱেশ কৰিছিল সাতজনীয়া দূৰ্বৃত্তৰ দলটো ৷

তিনি গৰাকী অভিযোগকাৰীক প্ৰথমে অশ্লীল গালি-শপনি, তাৰ পিছত কিয় এনেকুৱা কৰিছে বুলি ৰোগী কেইজনে প্ৰতিবাদ কৰাৰ পিছতে আক্ৰমণ কৰাৰ অভিযোগ।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : পত্নী আৰু তিনি পুত্ৰৰ নিৰ্মম কাণ্ড- সকলোৱে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক