কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্মদিনত অযোধ্যাত ৪০ ফুট উচ্চতাৰ বীণা উদ্বোধন

0
154

কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্মদিনত অযোধ্যাত ৪০ ফুট উচ্চতাৰ বীণা উদ্বোধন

বুধবাৰে ভাৰত ৰত্ন মেল’ডি কুইন লতা মংগেশকাৰৰ জন্মদিন। জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কিংবদন্তি গায়িকাগৰাকীৰ ৯৩ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি হিচাপে উত্তৰ প্ৰদেশৰ অযোধ্যাত ১৪ টন ওজনৰ ৪০ ফুটৰ এখন বীনা স্থাপন কৰা হৈছে।

লতা মংগেশকাৰৰ জন্মদিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে স্মৰণ কৰে। তেওঁ টুইটত উল্লেখ কৰে যে”লতা দিদীক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো।

মনত পেলাব লগা বহুখিনিয়ে আছে। মই আনন্দিত যে আজি অযোধ্যাৰ এটা চৌক তেওঁৰ নামেৰে নামাকৰণ কৰা হ’ব। ভাৰতীয় অন্যতম শ্ৰেষ্ঠ কিংবদন্তিৰ প্ৰতি ই এক যথোপযুক্ত শ্ৰদ্ধাঞ্জলি।”

প্ৰকল্পটো পৰিচালনা কৰ বিষয়া সকলে জনোৱা মতে। অযোধ্যাৰ অন্যতম শ্ৰেষ্ঠ প্ৰকল্প হিচাপে পৰিগণিত হোৱা এই প্ৰকল্পটোৰ বাবে ৭.৯ কোটি টকা ব্যয় কৰা হৈছে।

তেওঁ কয় যে এই বিশাল বীণাখন নিৰ্মাণ কৰিবলৈ পদ্মশ্ৰী বঁটা বিজয়ী ৰাম সুতাৰৰ দুমাহ সময় লাগিছিল। তেওঁ লগতে কয়, ‘সুন্দৰ ডিজাইন কৰা বীণাখনত সংগীতৰ দেৱী সৰস্বতীৰ ছবি খোদিত কৰা হৈছে।’