আৰক্ষীৰ বিশেষ কোষৰ বৃহৎ সফলতা; ১৭২৫ কোটি টকাৰ হেৰ’ইন জব্দ

0
68

নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে দেশজুৰি চলি থকা অভিযানৰ সময়তে আজি দিল্লী আৰক্ষীৰ বিশেষ কোষে বিত্তীয় ৰাজধানী মুম্বাইৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে।

জব্দকৃত এই নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১৭২৫ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে জনোৱা মতে, মুম্বাইৰ নাভা শ্বেভা বন্দৰৰ পৰা ২২ টনতকৈ অধিক লিকোৰাইচ আৱৰণযুক্ত এটা কণ্টেইনাৰ জব্দ কৰা হৈছে। লিকোৰাইচৰ ওপৰত আৱৰণ দি অনা মুঠ হেৰ’ইনৰ পৰিমাণ প্ৰায় ৩৪৫ কিলোগ্ৰাম।

দিল্লী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে গুজৰাটৰ মুন্দ্ৰা বন্দৰত ২১ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ ঠিক এবছৰৰ পাছতে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে।