23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক- ১ হাজাৰ আক্ৰান্ত প্ৰতিদিনে চিনাক্ত হ’লে বাতিল কৰিব লাগিব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা

    জনতা ভৱনত স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত সিদ্ধান্ত, গুৱাহাটী মহানগৰকীত যদি প্ৰতিদিনে ১ হাজাৰ কভিড আক্ৰান্ত ধৰা পৰে তেন্তে সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হ’ব।

    এই বৈঠকত স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, কামৰূপ মহানগৰ জিলা উপায়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্তৰ সৈতে আলোচনাত বহে। দুৰ্যোগ প্ৰশমন বিভাগেও অংশ লয় এই বৈঠক।

    বৈঠকৰ অন্তত জানিব পৰা অনুসৰি, ভাৰত বায়টেকক ইতিমধ্যে ১ কোটি ভেকচিনৰ অৰ্ডাৰ দিয়া হৈছে। লগতে চেৰাম ইনষ্টিটিউটকো ১ কোটি ভেকচিনৰ অৰ্ডাৰ দিব বুলি জনাই বৈঠকৰ অন্তত। মুঠ ২ কোটি ভেকচিন অসম চৰকাৰে অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লৈছে বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই।

    এই ভেকচিন সমূহ আৰোগ্য নিধিৰ ধনেৰে ক্ৰয় কৰাৰ লগতে আৰু যি অতিৰিক্ত ধনৰ প্ৰয়োজন হয়, সেয়া অসম চৰকাৰৰ বাজেটৰ পৰা দিয়া হব বুলি সদৰি কৰে।


    লগতে জনিবলৈ দিয়া অনুসৰি, চিকিৎসালয়সমূহ হোটেলৰ লগত সংযুক্ত হব। যাৰ লক্ষণ নাই তেওঁলোকক তাতে ৰখাৰ ব্যৱস্থা কৰিব। হোটেলত চিকিৎসা কৰ্মী, এম্বুলেঞ্চ আদি ২৪ ঘণ্টাই মজুত থাকিব।

    লগতে জনায় যে, ১ হাজাৰ আক্ৰান্ত প্ৰতিদিনে চিনাক্ত হ’লে বাতিল কৰিব লাগিব মেট্ৰিক- উচ্চতৰ মাধ্যমিক পৰীক্ষা। সেই সন্দৰ্ভত ২ তাৰিখৰ পিছত সিদ্ধান্ত লব চৰকাৰে।

    আৰু পঢ়ক : এম এছ ধোনীৰ পিতৃ-মাতৃ কভিডত আক্ৰান্ত, চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published