26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক, ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশনা

    ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক, ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশনা। কভিড ৰোধৰ বাবে বিশেষ নিৰ্দেশনা ধুবুৰী জিলা উপায়ুক্তৰ । ঘৰৰ বাহিৰলৈ ওলালেই ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে।

    ৰাজহুৱা স্থানত থু পেলোৱা নিষেধ‌। নিৰ্দেশ ভংগকাৰীক বিহা হব ১০০০ টকাৰ জৰিমণা । লগতে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ধাৰা ৫১ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা ৰ অধীনত শাস্তি বিহাৰ কথাও মাইক যোগে ঘোষণা কৰে।

    জিলা প্ৰশাসনে মাইক যোগে বাৰে বাৰে আহ্বান জনায় যদিও প্ৰশাসনৰ আহ্বানৰ প্ৰতি ভ্ৰূক্ষেপ নাই জনসাধাৰণৰ। ধুবুৰীত কোভিড প্ৰটকল ধোঁৱাচাঙত। প্ৰশাসনে নীতি নিৰ্দেশণা জাৰী কৰিছে যদিও কাৰ্যক্ষেত্ৰত বিপৰীত ছবি ধুবুৰীত।

    এতিয়াও ধুবুৰী চহৰৰ ৯০ শতাংশ ৰাইজে পৰিধান নকৰে মাস্ক । জিলাখনত ইতিমধ্যে ৩৫ জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে এজনৰ।
    কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তক দিনত অতি ভয়াবহ গন সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট ।

    Input – AMINUR AHMED

    আৰু পঢ়ক : কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ! বিগত ২৪ ঘন্টাত ২.৭৩ লাখ আক্ৰান্ত এই মহামাৰীত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং